অসম

assam

Maha Saptami 2023: তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰত আৰম্ভ দেৱী দুৰ্গাৰ পূজা-অৰ্চনা

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 9:01 PM IST

আজি মহা সপ্তমী ৷ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে পূজা ৷ তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰত আৰম্ভ হৈছে দেৱী দুৰ্গাৰ পূজা ৷ ভৈৰৱী মন্দিৰত মৃন্ময় মূৰ্তিৰ সলনি বিগ্ৰহ পূজা হয় ৷

Maha Saptami 2023
তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰত আৰম্ভ দেৱী দুৰ্গাৰ পূজা অৰ্চনা

তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰত আৰম্ভ দেৱী দুৰ্গাৰ পূজা-অৰ্চনা

তেজপুৰ, 21 অক্টোবৰ :আজি মহা সপ্তমী ৷ পূৰ্বৰ দৰে এইবাৰো শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে পূজা ৷ তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰত আৰম্ভ হৈছে দেৱী দুৰ্গাৰ পূজা ৷ উল্লেখ্য যে, ভৈৰৱী মন্দিৰত যিহেতু মৃন্ময় মূৰ্তিৰ সলনি বিগ্ৰহ পূজা হয় সেয়েহে নৱ-প্ৰত্ৰিকা প্ৰৱেশেৰে পূজা-অৰ্চনা কৰা হৈছে ৷ অষ্টমী আৰু নৱমীত পূৰ্বৰ দৰে বলি বিধানৰ ব্যৱস্থা থাকিব ৷ তদুপৰি এইবাৰ মহা নৱমীত দুটাকৈ ম’হ বলি দিয়া হ’ব ৷ সুদীৰ্ঘ 30 বছৰৰ পাচত পুনৰ ম’হ বলি দিয়া হ’ব বুলি জানিবলৈ দিছে পূজা কমিটিয়ে ৷

আনহাতে ব্যক্তিগতভাৱে অনুষ্ঠিত কৰা তেজপুৰৰ পুৰণি পূজাস্থলীসমূহৰ ভিতৰত অন্যতম মুখাৰ্জীবাড়ীৰ পূজা ৷ প্ৰায় ডেৰশ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো মাংগলিক ৰাতি-নীতিৰে মুখাৰ্জীবাড়ীৰ পূজাত দেৱীৰ পূজা-অৰ্চনা আৰম্ভ কৰা হৈছে ৷ তেজপুৰৰ কলিবাৰীস্থিত ঐতিহাসিক বাণ থিয়েটাৰতো পৰম্পৰাগত ৰীতি-নীতি মাজেৰে সাত্ত্বিকতা মানি দেৱী মাৰ পূজা কৰা হৈছে ৷ তেজপুৰৰ পুৰণি ৰাজহুৱা দুৰ্গা পূজাৰ ভিতৰত অন্যতম বান থিয়েটাৰে আয়োজন কৰা পূজা ৷

1915 চনত তেজপুৰ চহৰস্থিত কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীয়ে অনুষ্ঠিত কৰা সাৰ্বজনীন দুৰ্গা পূজাৰ এইবাৰ বিশেষ আকৰ্ষণ হ’ল লোক সংস্কৃতিৰ প্ৰতিফলন ৷ ওজাপালি আৰু আমন্ত্ৰিত স্থানীয় নাগাৰা নামৰ দলে পৰিৱেশন কৰিব নাগাৰা নাম ৷ নেপালী পট্টিৰ মধ্য তেজপুৰ যুৱক সংঘই আয়োজন কৰা দুৰ্গা পূজাৰ দৃষ্টি নন্দন মণ্ডপে তেজপুৰৰ দুৰ্গোৎসৱক অনন্য ৰূপ দিছে ৷

ৰুদ্ৰপাল পূজা সমিতিৰো এইবাৰ 75 বছৰ সম্পূৰ্ণ হ’ল ৷ সেই উপলক্ষে আলোকসজ্জা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ তেজপুৰৰ ৰামকৃষ্ণ মিছনত দুৰ্গা পূজা আৰু বাসন্তী পূজা অনুষ্ঠিত কৰি অহা হৈছে ৷ এইক্ষেত্ৰত হৰি সভা, মধ্যপাৰা দক্ষিণা কালী মন্দিৰ, ৰাবাৰ বাগানৰ চণ্ডী মণ্ডপ, বাৰহলীয়াৰ অজন্তা ক্লাবৰ দুৰ্গা পূজা, লম্বোদৰ বৰা পথৰ পূজা, ভৈৰৱী নগৰ টিলা, মহাভৈৰৱ হৰিজন ক’লনী, তিনি মাইল উৰিয়ামগুৰিৰ পূজা, দুৰ্গাবাড়ী এম্বাৰ্চ ক্লাব প্ৰণিধানযোগ্য ৷

তেজপুৰ জাহাজঘাটৰ হিন্দুস্থানী দুৰ্গা পূজা সমিতিয়ে মাৰ্বল-পাথৰৰ দুৰ্গা মূৰ্তি স্থাপন কৰি দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰি আহিছে ৷ ডেকাৰগাঁও ঊষা নাট্য মন্দিৰৰ দুৰ্গা পূজাৰ বৃহৎ আকৃতিৰ মূৰ্তি সাজিছে উলিয়াইছে প্ৰবীন শিল্পী টংকেশ্বৰ কলিতাই ৷ ঊষানগৰ দুৰ্গা পূজা, গাৰোৱানপট্টীৰ দুৰ্গা পূজা আদি তেজপুৰৰ অন্যতম পুৰণি পূজাস্থলীত শংখ-উৰুলিৰে মাংগলিক পৰিৱেশৰ সৃষ্টি হৈছে ৷

তেজপুৰৰ লালমাটি ৰাজহুৱা পূজাই এইবাৰ 75 বছৰ পূৰ্ণ কৰিলে ৷ উল্লেখযোগ্য যে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি, পিঠাখোৱা, ডিপোটা, বেছেৰীয়া, পৰ্বতীয়া, পৰোৱা, মৰাভৰলীপাৰ, শইকীয়া চুবুৰী, চানমাৰি আদি অঞ্চলতো উচাহ উদ্দীপনাৰে জিলাখনৰ অন্য প্ৰান্তৰ দৰেই শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক:Durga puja 2023: 160 বছৰত ভৰি দিলে মুখাৰ্জীবাড়ীৰ পূজাই

ABOUT THE AUTHOR

...view details