অসম

assam

চিকিৎসালয়ৰ পৰা ক'ভিড ৰোগী নিৰুদ্দেশ হোৱাৰ আঁৰত কি আছে ৰহস্য ?

By

Published : Jun 10, 2021, 11:08 PM IST

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজৱ কাণ্ড ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা ক’ভিড ৰোগী অন্তৰ্ধান ক’ভিড কক্ষৰ পৰা ৷ ৰোগীৰ নিৰুদ্দেশৰ পাচতে আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক ৷ আৰক্ষীক দিয়া এজাহাৰৰ পাচতেই সন্ধান ওলাল ৰোগীৰ ৷ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত উদ্ধাৰ হ’ল ৰোগী গৰাকীৰ মৃতদেহ ৷

covid missing from covid ward in tezpur
covid missing from covid ward in tezpur

তেজপুৰ, 10 জুন: কভিড আক্ৰান্ত ৰোগীক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক নাভুত নাশ্ৰুত কাণ্ড ৷ ক'ভিড আক্ৰান্ত ৰোগীক লৈ হাস্পতাল কৰ্তৃপক্ষই ল’ৰা ধেমালি কৰাৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৬ মে’ত তেজপুৰ সৰুপাটগাৱৰ ধনমণি গোৱালা নামৰ ৬৫ বছৰীয়া মহিলা গৰাকী ক‘ভিডত আক্ৰান্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হয় ৷ যোৱা ৩ জুনলৈকে ক’ভিড কক্ষতে আছিল ৰোগী গৰাকী ৷ কিন্তু ৪ জুনৰ পৰা পুত্ৰ কৰ্মেশ্বৰ গোৱালাই হাস্পতাল কোঠাত বিছাৰি নাপালে মাতৃক ৷ পুত্ৰই কৰা অভিযোগ মতে, চিকিৎসালয় কৰ্তৃপক্ষই ধনমণি গোৱালা নামৰ কোনো ক’ভিড ৰোগী ভৰ্তি হোৱা নাই বুলি দাবী কৰে ৷

উল্লেখ্য যে, ৪ জুনৰ পৰা সম্পূৰ্ণ ৫ টা দিন চিকিৎসালয়খনত মাতৃক বিছাৰি হায়ৰান হ’ল পুত্ৰ ৷ কিন্তু, মাতৃগৰাকীৰ ক'ভিডতে মৃত্যু হ’ল, নে আন কিবা সেয়াও তেওঁৰ পুত্ৰই জানিব পৰা নাছিল ৷ হাস্পতাল কৰ্তৃপক্ষই ধনমনি গোৱালা নামৰ কোনো লোক চিকিৎসালয়ত ভৰ্তি হোৱা নাছিল বুলি কৰা দাবীৰ পাচতে নিজ পুত্ৰই মাতৃক নিজেই চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতো সেই নামৰ ৰোগী চিকিৎসালয়ত ভৰ্তি হোৱাই নাই বুলি চিকিৎসালয় কৰ্তৃপক্ষই কিয় মিছা মাতিলে বৰ্তমান সেইয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷

চিকিৎসালয়ৰ পৰা ক'ভিড ৰোগী নিৰুদ্দেশ হোৱাৰ আঁৰত কি আছে ৰহস্য

অৱশেষত ৯ জুনত পুৱা তেজপুৰ শালনীবাৰী আৰক্ষীত কৰ্মেশ্বৰ গোৱালাই এজাহাৰ দাখিল কৰাৰ পাচতেই হুৱাদুৱা লাগিল চিকিৎসা মহাবিদ্যালয়ত ৷ বিয়লি ধনমনিৰ মৃতদেহ উদ্ধাৰ হ’ল চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৷ সেইদিনাই অৰ্থাৎ বুধবাৰে বিয়লিহে ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি দেখুৱালে চিকিৎসা মহাবিদ্যালয় কতৃপক্ষই ৷ এনেক্ষেত্ৰত কোনে কি উদ্দেশ্যৰে ধনমণিৰ মৃতদেহ পৰিয়ালৰ অগোচৰে মৰ্গত ৰাখি থৈছিল সেইয়া এক বৃহৎ সাঁথৰ হৈ পৰিছে ৷ ইয়াৰ সমান্তৰালকৈ এজাহাৰ দাখিলৰ পাচতেই তাৎক্ষণিকভাৱে কেনেকৈ ৫ দিনকৈ অন্তৰ্ধান হৈ থকা ধনমণিৰ মৃতদেহ চিকিৎসা মহাবিদ্যালয়তে উদ্ধাৰ হ’ল ? চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই কিয় পৰিয়ালক মিছা মাতিছিল আদি বিষয় লৈ বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে ৷

লগতে পঢ়ক:ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

ABOUT THE AUTHOR

...view details