ৰঙাপৰা,27 জুলাই:সমগ্ৰ দেশতে ক'ভিড মহামাৰীয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল ক'ভিডৰ দুটাকৈ পালি (Covid vaccination in India)৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে মহামাৰী ক'ভিড-১৯ ৰ বুষ্টাৰ ড'জ মুকলি কৰিছে ৷ দেশৰ প্ৰতিজন প্ৰাপ্তবয়স্ক আৰু চৰকাৰী কৰ্মচাৰীলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হৈ আহিছে এই বুষ্টাৰ ড'জবোৰ (COVID-19 Vaccine Boosters) ৷
মংগলবাৰৰ দিনটোত স্বাস্থ্য বিভাগৰ উদ্যোগত মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীৰ লগতে স্থানীয় ৰাইজৰ মাজত প্ৰদান কৰা হয় বুষ্টাৰ ড'জ (Sonai-Rupai Wildlife Sanctuary Foresters) ৷ চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত বিনামূলীয়াকৈ বুষ্টাৰ ড'জ গ্ৰহণ কৰা লোকৰ উপস্থিতি সেৰেঙা হোৱা দিশলৈ লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন স্থানত শিবিৰ অনুষ্ঠিত কৰি বুষ্টাৰ ড'জ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।