অসম

assam

তেজপুৰৰ সাংবাদিক কাৰ্যালয়ৰ বেৰত জিতেন শইকীয়া বিৰোধী পোষ্টাৰ

By

Published : Mar 5, 2021, 1:48 PM IST

তেজপুৰৰ ভিন্ন স্থানৰ লগতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ৰ বেৰত জিতেন শইকীয়া বিৰোধী পোষ্টাৰিং । টকাৰ বিনিময়ত ৰিপুন বৰাই টিকট দিব বিচাৰিছে বুলি পোষ্টাৰিং কংগ্ৰেছ কৰ্মীৰ ।

প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতঃ তেজপুৰৰ ভিন্ন স্থানত জিতেন শইকীয়া বিৰোধী পোষ্টাৰ
প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতঃ তেজপুৰৰ ভিন্ন স্থানত জিতেন শইকীয়া বিৰোধী পোষ্টাৰ

তেজপুৰ, ৫ মাৰ্চ: ২৭ মাৰ্চত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে সংঘাত । অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তেজপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ তালিকাত তেজপুৰৰ বাম পৰ্বতীয়াৰ নিবাসী জিতেন শইকীয়াক কংগ্ৰেছ দলৰ পৰা সাম্ভাব্য প্ৰাৰ্থীত্ব পোৱাৰ প্ৰতিবাদত তেজপুৰৰ ভিন্ন স্থানৰ লগতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ৰ বেৰত জিতেন শইকীয়া বিৰোধী পোষ্টাৰ আৰিলে কংগ্ৰেছ কৰ্মীসকলে ।

প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতঃ তেজপুৰৰ ভিন্ন স্থানত জিতেন শইকীয়া বিৰোধী পোষ্টাৰ

উক্ত পোষ্টাৰসমূহত 'জিলা পৰিসদ নিৰ্বাচনত বেয়াকৈ পৰাজিত হোৱা জিতেন শইকীয়াই তেজপুৰত কেতিয়াও এম এল এ হ'ব নোৱাৰে', 'ছালফা জিতেন শইকীয়াক ৰিপুন বৰাই টকাৰ বিনিময়ত টিকট দিব বিচাৰিছে' বুলি উল্লেখ আছে । আনহাতে, ৰিপুন বৰাৰ বিৰুদ্ধেও এইদৰে পোষ্টাৰ আৰে ।

ঘটনা সন্দৰ্ভত আৰক্ষী আৰু জিলা উপায়ুক্তক অৱগত কৰাত আৰক্ষীয়ে পোষ্টাৰসমূহ এৰুৱাই পেলায় । সমগ্ৰ ঘটনা সন্দৰ্ভত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিয়ে । সকলো ৰাজনৈতিক দলক এনে কাৰ্যৰ পৰা বিৰত থকাৰ লগতে ভৱিষ্যতত এনেধৰণৰ কাম নকৰিবলৈ সকয়নী প্ৰদান কৰে জাৰ্নেলিষ্ট ইউনিয়নৰ সম্পাদক মনোজ কুমাৰ শইকীয়া আৰু সভাপতি সঞ্জীৱ হাজৰিকাই ।

লগতে পঢ়ক: সচিবালয়ৰ ফুটব্ৰীজত নিশা চলে মদৰ আড্ডা..

ABOUT THE AUTHOR

...view details