অসম

assam

Assam Arunachal border fest : সীমা সমস্যা পাহৰি অসম-অৰুণাচল সীমান্তত সংস্কৃতিৰ আদান-প্ৰদান

By

Published : Jan 29, 2023, 9:30 PM IST

অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত দেওবাৰে অনুষ্ঠিত হ’ল ৰাজ্যৰ প্ৰথমখন সীমান্ত মহোৎসৱ (Assam Arunachal border festival)৷ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ লগতে বিষয়াই ৷ এই মহোৎসৱৰ জৰিয়তে সীমামূৰীয়া ৰাজ্য দুখনৰ মাজৰ সংঘাতৰ অৱসান ঘটিব বুলি আশা কৰা হৈছে ৷

Assam Arunachal border fest
শোণিতপুৰৰ ভালুকপুঙত সীমান্ত মহোৎসৱ

শোণিতপুৰৰ ভালুকপুঙত সীমান্ত মহোৎসৱ

তেজপুৰ, ২৯ জানুৱাৰী : ‘‘অসম আৰু অৰুণাচল প্ৰদেশ সীমান্তত আমাৰ কোনো ভেদভাব-বিদ্বেষ নাই আৰু নাথাকিব’’৷ দেওবাৰে অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আয়োজিত ৰাজ্যৰ প্ৰথমখন সীমান্ত মহোৎসৱত (Assam Arunachal border festival) অংশ লৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এনেদৰে মন্তব্য কৰে ৷

বিধায়কগৰাকীয়ে লগতে কয় যে দেশৰ সীমান্তত আমি মিলিজুলি কৰি যাম ৷ ১৯৭১ চনলৈকে আমি একেলগে আছিলো ৷ বিধায়ক হাজৰিকাই(MLA Padma Hazarika) লগতে কয় যে সীমান্তৱৰ্তী অঞ্চলৰ লোকক একাংশ লোকে ষড়যন্ত্ৰমূলকভাবে উচতাই অশান্তি সৃষ্টি কৰিব বিচাৰে । ইয়াৰ প্ৰতি আমি সদায় সতৰ্ক হৈ থাকিব লাগিব ৷

দেশৰ স্বাধীনতাৰ ৭৫ বছৰে সীমান্ত এলেকাত কোনো উন্নয়ন নহ’ল । সম্প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সীমান্তৰ দুয়ো ৰাজ্যৰ উন্নয়ন সাধন হৈছে আৰু এই অঞ্চলৰ ১৯ মিটাৰ ভূমি উভয়ৰ আলোচনামৰ্মে এৰি দিয়া বুলি বিধায়ক হাজৰিকাই নিজৰ ভাষণত কয় ৷ বিধায়কগৰাকীয়ে সীমান্ত মহোৎসৱত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া ডেকাৰ উক্তি আবৃত্তিৰে উপস্থিত ৰাইজক আপ্লুত কৰে ৷

সভাত অৰুণাচল প্ৰদেশ চৰকাৰৰ সংসদীয় সদস্য খুমছি চিডশ্বই নিজৰ ভাষণত অসমে জেষ্ঠ ভাতৃৰ কৰ্তব্য পালন কৰা বুলি অভিহিত কৰি মনুষ্যৰ জনম লৈ সাত পুৰুষৰ বাবে খ্যাতি থৈ যাব লাগে বুলি মন্তব্য কৰে । তেওঁ কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত বৰ্তমান সীমান্তৰ সমস্যাৰ সমাধান হৈছে (Assam Arunachal border conflict)৷

শোণিতপুৰ জিলাৰ লগত ৰঙাপাৰা আৰু চতিয়া সমষ্টিৰ অন্তৰ্গত প্ৰায় ৬২ কিলোমিটাৰ এলেকাত আজিলৈকে কোনেও কাৰো লগত বিভেদ হোৱা নাই আৰু নহয় ৷ বৰঞ্চ সীমান্তৰ তালাচী চকীৰ ১৯ মিটাৰ অৰুণাচল প্ৰদেশৰ হাতত এৰি দিছে ৷ এয়া ডাঙৰ ককায়েকৰ দৰে মৰম দিছে বুলি তেওঁ মন্তব্য কৰে ৷

অনুষ্ঠানত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ (Sonitpur district DC), পশ্চিম কামেং জিলাৰ উপায়ুক্ত কমা লেকি, পশ্চিম কামেং জিলাৰ বন বিভাগৰ বিষয়া, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী উপস্থিত থাকে ৷ নিশা ইণ্ডিয়ান আইডলখ্যাত নাহিদ আফ্ৰিন আৰু অৰুণাচল প্ৰদেশৰ জেলী কায়িয়ে সংগীত পৰিবেশন কৰে ৷

লগতে পঢ়ক:Ek Saran Bhagawati Samaj : ইলাৰাম দাসৰ প্ৰতি সশ্রদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ABOUT THE AUTHOR

...view details