শিৱসাগৰ,14 মাৰ্চঃশিৱসাগৰত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই । নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত শিৱসাগৰ মহকুমা ছাত্র সন্থাই শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম আৰু অসমীয়াক বন্ধকত থৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভাৰতীয় সংবিধান নস্যাৎ কৰি এক অসংবিধানিক কাৰ্য সম্পন্ন কৰিছে তাক লৈ সৰৱ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা । এই আইন বাতিল নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন অব্যাহত ৰাখিব বুলি আছুৱে হুংকাৰ দিছে । লগতে এই আইনৰ বিৰূপ প্ৰভাৱ সম্পৰ্কে ৰাইজক অৱগত কৰি বিজেপি চৰকাৰৰ জনবিৰোধী কামৰ জনমত গঠনৰ চেষ্টা অব্যাহত ৰাখিছে।