নলবাৰী : ২৯ ডিচেম্বৰ :নলবাৰীত আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী স্মৃতি সদৌ অসম একাংক নাট প্ৰতিযোগিতা । নাট প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই (Mridula Baruah inaugurated drama competition) । উল্লেখ্য, বুধবাৰৰ পৰা আৰম্ভ হৈছে প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা (Prasanna Narayan Choudhury one act play) ।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা উপলক্ষে বুধবাৰে পুৱা ৩৩ খনকৈ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ তৰ্পণ কৰা হয় (one act play competition in Nalbari) । মাধ্যম আন্দোলনৰ (medium revolution of Assam) এগৰাকী অক্লান্ত যোদ্ধা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ সোঁৱৰণত অনুষ্ঠিত সদৌ অসম একাংক নাট প্ৰতিযোগিতা বুধবাৰে সন্ধিয়াৰ পৰা নলবাৰীৰ নাট্য মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে (AASU one act playa competition in Nalbari) ।
এই প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২১ টা দলে অংশগ্ৰহণ কৰিছে । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে উপ-সভাপতি ধৰ্মেশ্বৰ দাস আৰু বিত্ত সম্পাদককে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় নেতা (AASU GS Sankar Baruah) ।
ইয়াৰ উপৰি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ৷ আনহাতে, প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ছাত্ৰ সন্থাৰ বাবে বলিষ্ঠ ভূমিকা লোৱা প্ৰসন্ন নাৰায়ণ চৌধুৰীক শ্ৰদ্ধাৰে সোঁৱৰে শংকৰজ্যোতি বৰুৱাই ৷ উক্ত উদ্বোধনী অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত শংকৰজ্যোতি বৰুৱাই বহুকেইটা মন্তব্য আগঢ়ায় । তেওঁ কয়, মাধ্যম আন্দোলনৰ নেতৃত্ব দিয়া অন্যতম নেতা আছিল প্ৰসন্ন নাৰায়ণ চৌধুৰী ৷