অসম

assam

বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত দিপ্তাবাসী

By

Published : Jun 16, 2020, 4:09 PM IST

নলবাৰীত দীৰ্ঘদিনে বিকল হৈ আছে দিপ্তা পানী যোগান আঁচনি ৷ অঞ্চলটোৰ পানীত বিষাক্ত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰা নাই কোনো গুৰুত্ব ৷ আঁচনিখন পৰিচালনাৰ দায়িত্বত থকা কৰ্মচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো লাভ কৰা নাই কোনো সুফল ৷ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকি ৷

Peoples of Dipta deprived of access to clean water nalbari assam etv bharat news
দিপ্তা পানী যোগান আঁচনি

নলবাৰী,16 জুন: নলবাৰী জিলাৰ কেইবাটাও অঞ্চলৰ পানীত ধৰা পৰিছে মাৰাত্মক আৰ্চেনিক আৰু ফ্ল’ৰাইডৰ উপস্থিতি ৷ তৎস্বত্বেও জিলাখনত থকা প্ৰায়বোৰ পানী যোগান আঁচনি দীৰ্ঘদিনে আছে বিকল অৱস্থাত । জিলাখনৰ অন্তৰ্গত দিপ্তা পানী যোগান আঁচনিখনো দীৰ্ঘদিনে বিকল হৈ থকাত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে অঞ্চলবাসী ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনত থকা এই আঁচনিখন প্ৰায় এবছৰে বিকল হৈ থকাৰ পিছতো কোনো সঁহাৰি নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ৷

কাণষাৰ নাই কৰ্তৃপক্ষৰ

উল্লেখ্য যে,বিভাগীয় কৰ্তৃপক্ষই আঁচনিখন বিদ্যুৎ অবিহনে মেছিনৰ সহায়েৰে চলাই আহিছিল যদিও বিগত এবছৰে কোনো ধৰণৰ কাম-কাজ নচলাত প্ৰায় বিকল হৈ পৰিছে সকলো সা-সৰঞ্জাম ৷ ইতিমধ্যে গাঁৱখনৰ পানীত ধৰা পৰিছে বিষাক্ত আৰ্চেনিকৰ উপস্থিতি ৷ আঁচনিখন পৰিচালনাৰ বাবে নিয়োজিত কৰ্মচাৰীগৰাকীয়ে বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও লাভ কৰা নাই কোনো সুফল ৷ ফলত শৰীৰৰ প্ৰতি ভাবুকি অহা স্বত্বেও আৰ্চেনিকযুক্ত পানী সেৱন কৰিবলগা হৈছে অঞ্চলবাসীয়ে ৷

বিকল দিপ্তা পানী যোগান আঁচনি

লগতে চাওকঃৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details