অসম

assam

নগাঁৱত 4500 গৰাকী মেধাৱীক স্কুটী বিতৰণ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:19 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ নগাঁও আৰু হোজাই জিলাৰ চাৰে চাৰি হাজাৰ ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Scooty distribution
নগাঁৱত 4,500 শিক্ষাৰ্থীক স্কুটী বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নগাঁৱত 4,500 শিক্ষাৰ্থীক স্কুটী বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নগাঁও, 1 ডিচেম্বৰ : শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ এই বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ৰাজ্যৰ 35,770 গৰাকী শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰা হয় ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নগাঁও আৰু হোজাই জিলাৰ চাৰে চাৰি হাজাৰ ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ 2891 গৰাকী আৰু হোজাই জিলাৰ 1540 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বর্ষত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হৈছে । নগাঁৱৰ নেহেৰুৱালীত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

মন্ত্ৰী বৰুৱাই, ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এগৰাকী সু নাগৰিক হোৱাৰ লক্ষ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ লগতে প্ৰতিযোগিতাৰ যুগত দেশৰ অন্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান জনায় ৷ চৰকাৰে প্ৰদান কৰা স্কুটী ছাত্ৰ-ছাত্ৰীৰ বাবে বহুখিনি সহায়ক হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

এই বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস, নগাঁও জিলা জনসংযোগ বিষয়া অংকিতা গগৈৰ লগতে শিক্ষানুষ্ঠানৰ অধ্যক্ষ, শিক্ষক, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে, অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ এই বঁটাৰ জৰিয়তে স্কুটী প্ৰদান কৰা হয় ।

লগতে পঢ়ক :৩৫, ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ, শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details