অসম

assam

Rhino poacher arrested: কলিয়াবৰত গড় নিধনৰ সৈতে জড়িত চোৰাংচিকাৰী আটক

By

Published : Jan 28, 2022, 8:54 PM IST

কাজিৰঙাৰ গঁড় হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত আটক এটা দূধৰ্ষ চোৰাংচিকাৰী (Rhino poacher arrested) ৷ পূৰ্বেও গড় নিধনৰ সৈতে জড়িত আছিল চোৰাংচিকাৰীটো ৷ সবিশেষ জানো আহক ৷

one-rhino-poacher-arrested-at-kaliabor
কলিয়াবৰত পুনৰ গড় নিধনৰ সৈতে জড়িত চোৰাংচিকাৰীক আটক

কলিয়াবৰ, 28 জানুৱাৰী : কলিয়াবৰত গঁড় চিকাৰীৰ বিৰুদ্ধে অব্যাহত থকা ধাৰাবাহিক অভিযানত পুনৰ আটক কৰা হৈছে আন এটা দূধৰ্ষ চোৰাংচিকাৰীক(Rhino Poacher Arrested at Kaliabor) । সম্প্ৰতি চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষৰ অভিযান ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰিৰ ৱেষ্টাৰ্ণ ৰেঞ্জে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ইছব আলি নামৰ এটা দূধৰ্ষ চোৰাংচিকাৰীক ।

জানিব পৰা মতে ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত বাগৰি ৰেঞ্জৰ এলেকাধীন ভলুকাজান বন শিবিৰৰ গড় নিধনৰ সৈতে জড়িত আছিল ধৃত ইছব আলি । ইয়াৰ পিছতে ধৃত ইছব আলিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই জখলাবন্ধা হাস্পতাললৈ প্ৰেৰণ কৰে ।

কলিয়াবৰত পুনৰ গড় নিধনৰ সৈতে জড়িত চোৰাংচিকাৰীক আটক

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সৈতে জড়িত থকা বিশ্বনাথৰ চগুৰিৰ নিবাসী নবীৰ হুছেইন(32) নামৰ এটা চোৰাং চিকাৰী(Encounter Against Rhino poaching)আৰক্ষীৰ গুলিত আহত হৈছিল । এই চোৰাং চিকাৰীটোক প্ৰতিহত কৰিবলৈ যাওঁতে এজন আৰক্ষী জোৱানো আহত হ'বলগীয়া হৈছিল । আহত আৰক্ষী জোৱানজন আছিল দিব্যজ্যোতি হাজৰিকা ।

উল্লেখযোগ্য যে, ২০ জানুৱাৰীৰ নিশা চোৰাং চিকাৰীয়ে নিধন কৰা খৰ্গবিহীন এটা গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছিল । এই গড় নিধনৰ সৈতে জড়িত থকাৰ সন্দেহতে ২৩ জানুৱাৰীত বিশ্বনাথৰ পৰা আটক কৰা হৈছিল নবীৰ হুছেইন নামৰ চোৰাং চিকাৰীটোক ।

লগতে পঢ়ক : কাজিৰঙাত এনকাউন্টাৰ : আহত চোৰাং চিকাৰী

ABOUT THE AUTHOR

...view details