অসম

assam

বঢ়মপুৰ সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী হুংকাৰ

By

Published : Dec 26, 2020, 9:45 AM IST

নৱগঠিত আঞ্চলিকতাবাদী ৰাইজৰ দলে বঢ়মপুৰ সমষ্টিত কমিটি গঠনৰ পিচতেই প্ৰতিখন আঞ্চলিক কমিটি গঠনৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । শুকুবাৰে বঢ়মপুৰ সমষ্টিৰ অধীনৰ ছলচলি আঞ্চলিক কমিটি গঠন কৰে ৰাইজৰ দলে ।

raijor dol meeting at Bahampur constituency
বঢ়মপুৰ সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী হুংকাৰ

চামগুৰি, 26 জিচেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দুৰ্গ খহাবলৈ বঢ়মপুৰ সমষ্টিত নিৰ্বাচনী হুংকাৰ দিলে ৰাইজৰ দলে ৷ 21ৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত সমিতি গঠনৰ ক্ষেত্ৰত ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাইজৰ দল ৷

বঢ়মপুৰ সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী হুংকাৰ

এই উপলক্ষে নৱগঠিত আঞ্চলিকতাবাদী ৰাইজৰ দলে বঢ়মপুৰ সমষ্টিত কমিটি গঠনৰ পিচতেই প্ৰতিখন আঞ্চলিক কমিটি গঠনৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । শুকুবাৰে বঢ়মপুৰ সমষ্টিৰ অধীনৰ ছলচলি আঞ্চলিক কমিটি গঠন কৰে ৰাইজৰ দলে ।

ছলচলি আঞ্চলিক কমিটি গঠনৰ বাবে ছলচলিত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাই । সভাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰে ভাষণ দিয়ে ৰাজু বৰাই ।

লগতে পঢ়ক:ক'ৰণা অতিমাৰীৰ পাছত প্ৰথমবাৰৰ বাবে ভোমোৰাগুৰিত পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details