অসম

assam

Facilitation program at Kaliabor : কলিয়াবৰত বিশেষ সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা

By

Published : Jun 24, 2023, 1:26 PM IST

কৰিয়াবৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা ৷ অনুষ্ঠানত কলিয়াবৰত পশ্চিম কলিয়াবৰ নামেৰে এখন উন্নত মহাবিদ্যালয় স্থাপন কৰাৰ লগতে চৰকাৰী আইন মহাবিদ্যালয় আৰু আই টি আই স্কুলো স্থাপনৰ কথা উল্লেখ মন্ত্ৰী কেশৱ মহন্তৰ ৷

Facilitation program at Kaliabor
ডাঃ ময়ুৰ হাজৰিকাক সম্বৰ্দ্ধনা জ্ঞাপন

ডাঃ ময়ুৰ হাজৰিকাক সম্বৰ্দ্ধনা জ্ঞাপন

কলিয়াবৰ, 24 জুন : শুকুৰবাৰে কলিয়াবৰ মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ এই অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ উত্তম কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ৷

বিগত বহু বছৰৰ পৰা কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতি বছৰে কৃৰ্তী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি উৎসাহিত কৰাৰ লগতে কলিয়াবৰৰ শৈক্ষিক ক্ষেত্ৰত উত্তৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে । শুকুৰবাৰে আয়োজিত এই অভিনন্দন অনুষ্ঠানত কলিয়াবৰত এইবৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা 306 গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা 195 গৰাকী কৃৰ্তী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় ৷

লগতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিশু বিদ্যাপীঠ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অৰ্হণা বৰকটকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা কে. জি. আই. চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱজিৎ মহন্তকো অভিনন্দন জ্ঞাপন কৰা হয় । এই অনুষ্ঠানতে অভিভাৱকসকলক উদ্দেশ্যি মন্ত্ৰী কেশৱ মহন্তই কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘আপোনালোকে একো একোজন সফল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৷ ইয়াত আপোনালোকে যি শ্ৰম আৰু ত্যাগ স্বীকাৰ কৰিলে তাৰ শলাগ লৈছো । অনাগত দিনতো আপোনালোকৰ ছত্ৰছায়াত এইসকল কৃৰ্তী সন্তানে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব’’ ।

আদৰণি ভাষণত তেওঁ কয়, ‘‘সকলো সমস্যাৰ মাজত সমাধানো নিহিতহৈ থাকে । কলিয়াবৰত পশ্চিম কলিয়াবৰ নামেৰে আৰু এখন উন্নত মহাবিদ্যালয় স্থাপন হ’ব আৰু চৰকাৰী আইন মহাবিদ্যালয়ৰ লগতে এখন আই টি আই স্কুলো স্থাপন হ’ব’’ ।

সমাজকৰ্মী মণি মাধৱ মহন্তই আঁতধৰা অনুষ্ঠানত ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্বত্বাধিকাৰী দিলীপ বৰাই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি কৃৰ্তী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰে ৷ লগগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উদ্গনিমূলক বক্তব্য আগবঢ়াই তেওঁ কয়, ‘‘কঠোৰ পৰিশ্ৰম, একাগ্ৰতা, ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিলে সফলতা প্ৰাপ্তি হ’বই’’ ।

শুকুৰবাৰে আয়োজিত এই অনুষ্ঠানতে ভাৰতীয় প্ৰশাসনিক সেৱাত পঞ্চম স্থানপ্ৰাপ্ত ডাঃ ময়ুৰ হাজৰিকাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ এই অভিনন্দন অনুষ্ঠানতে কৃৰ্তী শিক্ষাৰ্থীসকলৰ লগতে কলিয়াবৰৰ বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষককো সম্বৰ্দ্ধনা জনোৱা হয় । এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰ, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, কলিয়াবৰ শাখা সাহিত্য সভা সভাপতি নবীন বৰঠাকুৰ, কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ গোস্বামীকে প্ৰমুখ্য কৰি বহু গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে ।

লগতে পঢ়ক :Four lane Highway at Kaliabor : চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল ৰাজহুৱা সভাস্থলী

ABOUT THE AUTHOR

...view details