অসম

assam

কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Dec 19, 2020, 6:54 AM IST

Updated : Dec 19, 2020, 7:42 AM IST

কামপুৰ লুটুমাৰীত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ অগ্নিকাণ্ডত প্ৰায় ১০ লাখৰো অধিক সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

Fire in Kampur at night
কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

বঢ়মপুৰ, 19 ডিচেম্বৰ :নগাঁও জিলাৰ কামপুৰ লুটুমাৰীত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত দাউ দাউকৈ জ্বলি উঠিল পাঁচখনকৈ দোকান ৷

কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

এখন গেলামালৰ দোকানৰ পৰাই জুইৰ সূত্ৰপাত হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, এই অগ্নিকাণ্ডৰ জুই নুমুৱাবলৈ কামপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে পাঁচখনকৈ দোকান ৷

উল্লেখ্য যে, অগ্নিকাণ্ডত প্ৰায় ১০ লাখৰো অধিক সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক :কফিনত স্ব-গৃহ লৈ আহিল বেংগালুৰুত হত্যাৰ বলি হোৱা বৰপেটাৰ ছাত্ৰী

Last Updated : Dec 19, 2020, 7:42 AM IST

ABOUT THE AUTHOR

...view details