অসম

assam

বিজেপি-আজমলক তুলাধুনাৰে নগাঁৱৰ আমনিত কংগ্ৰেছৰ বিশাল সভা

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:47 PM IST

আমনিত দেওবাৰে কংগ্ৰেছ দলৰ এখন বিশাল বুথ সন্মিলন তথা ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বঢ়মপুৰ, কলিয়াবৰ আৰু চামগুৰি বিধানসভা সমষ্টিভিত্তিত এক প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰা হয় ৷

congress booth meeting nagaon
নগাঁৱৰ আমনিত কংগ্ৰেছৰ বিশাল সভা

নগাঁৱৰ আমনিত কংগ্ৰেছৰ বিশাল সভা

চামগুৰি, 26 নৱেম্বৰ : নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আমনিত দেওবাৰে কংগ্ৰেছ দলৰ এখন বিশাল বুথ সন্মিলন তথা ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বঢ়মপুৰ, কলিয়াবৰ আৰু চামগুৰি বিধানসভা সমষ্টিভিত্তিত বুথ পৰ্যায়ৰ প্ৰতিনিধি, বুথ পৰ্যায়ৰ সমন্বয়ক বুথ সমিতি, সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয় ৷

উক্ত সন্মিলনখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু অসমৰ তত্বাবধায়ক পৃথীৰাজ চাথে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদুৎ বৰদলৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, বটদ্ৰবা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰ, আচিফ নাজৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

বিশাল বুথ সন্মিলনখনত কংগ্ৰেছ নেতাসকলে বিজেপি নেতৃতাধীন চৰকাৰখনক চোকা সমালোচনা কৰাৰ লগতে বদৰুদ্দিন আজমলক সমালোচনা কৰা পৰিলক্ষিত হয় ৷ উক্ত সন্মিলনখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকি কংগ্ৰেছ দলত কোনোধৰণৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে ৰাজস্থান আদিকে ধৰি বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ ফলাফল ভাল হোৱাৰ লগতে কংগ্ৰেছৰ অসমতো নতুন শক্তি জাগ্ৰত হ’ব বুলি মন্তব্য কৰে ৷

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা নৎসাত কৰি এইয়া মুখৰোচক খবৰ বুলি মন্তব্য কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বদৰুদ্দিন আজমলৰ লগতে বিজেপি নেতৃতাধীন চৰকাৰখনক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :ভূপেন বৰাই দলীয় কৰ্মীক সংযত হ’বলৈ শিকাওক; আমিনুল ইছলামৰ

ABOUT THE AUTHOR

...view details