অসম

assam

মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন আঁচনিৰ টেক্টৰ বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

By

Published : Jul 31, 2020, 10:30 AM IST

"দেশ খন স্বাৱলম্বী হ’বলৈ হ’লে প্ৰথম কৃষি আৰু কৃষকৰ উন্নয়ন উন্নয়ন হ’ব লাগিব। আন জিলাত এতিয়াও আত্মসহায়ক গোটৰ কৃষক হিতাধিকাৰীক কৃষি বিভাগে যোগান দিব পৰা নাই ৰেহাই মূল্যৰ টেক্টৰ। মৰিগাঁও জিলাত মই তিনি বাৰ কৈ টেক্টৰ বিতৰণৰ কৰিলো'' কৃষি উৎপাদন আৰু বাণিজ্য গোটক তৃতীয় বাৰৰ বাবে টেক্টৰ বিতৰণ কৰি এই মন্তব্য মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ।

morigaon-tractor-distibutaions-mla-rama-kanta-dewri
মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন আঁচনিৰ টেক্টৰ বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

মৰিগাঁও,31জুলাইঃ মৰিগাঁৱত ১৮ টাকৈ গোটক মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন আঁচনিৰ টেক্টৰ বিতৰণ অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ। মৰিগাঁও জিলাৰ কৃষি বিভাগ আৰু টেক্টৰ যোগানকাৰী মহেন্দ্ৰ আৰু স্বৰাজ প্ৰতিষ্ঠান দুটাই ক্ষীপ্ৰতাৰে জিলাখনৰ কৃষকক টেক্টৰ যোগান ধৰাত বিধায়ক গৰাকীয়ে জিলা কৃষি বিভাগ আৰু যোগানকাৰী প্ৰতিষ্ঠানক ধন্যবাদ জনায়। মুঠ ১৮ টা কৃষি উৎপাদন আৰু বাণ্যিজিক গোটক মুঠ ১২+৬=১৮ খন কৈ টেক্টৰ বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্য- "মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন আঁচনিৰ জৰিয়তে সকলো উন্নয়ন মূলক আচনি সামৰি লোৱা হৈছে। আপোনালোক সকলোৱে আগবাঢ়ি আহি এই আঁচনিৰ জৰিয়তে কৃষি উৎপাদনত মনোনিবেশ কৰক আৰু নিজৰ লগতে গাঁওখনৰ , গাঁওখনৰ লগতে জিলাখনৰ , জিলাখনৰ লগতে ৰাজ্য , ৰাজ্যখনৰ লগতে দেশখনৰ উন্নয়ন কৰক। মনত ৰখা দৰকাৰ যে কৃষি আৰু কৃষিখণ্ডৰ উন্নয়ন হলেহে দেশৰ উন্নয়ন হব" ৷

মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন আঁচনিৰ টেক্টৰ বিতৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

আনহাতে মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যলয়ত , মধুৰাম পাটিৰৰ সঞ্চালনাত আয়োজিত এক মত বিনিময় অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া উদ্ধৱ ডেকা, দিব্যজ্যোতি হাজৰিকা, ইউচুফ আলী ,চক্ৰধৰ কোঁৱৰৰ প্ৰমুখ্যে জিলা কৃষি বিভাগত ৰূপায়িত হোৱা আঁচনিৰ বিষয়ে বুজ লোৱাৰ লগতে বিধায়ক গৰাকীয়ে নৱ নিযুক্ত কৃষি উন্নয়ন বিষয়াসকলৰে পৰিচয় হৈ ভালদৰে সেৱা আগবঢ়াই যাবলৈ আহবান ৰমাকান্ত দেউৰীৰ। বৃহস্পতিবাৰে বিয়লি সম্পন্ন হোৱা এই টেক্টৰ বিতৰণ অনুষ্ঠানটো আঁত ধৰে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিব্যজ্যোতি হাজৰিকাই।

লগতে পঢ়কঃ বি টি আৰ চুক্তিক লৈ অসন্তুষ্ট এন ডি এফ বিৰ চাৰিটা গোট

ABOUT THE AUTHOR

...view details