অসম

assam

U G Brahma interacts with weavers: মৰিগাঁৱত শিপিনীৰে বাৰ্তালাপত মিলিত মন্ত্ৰী ইউ জি ব্ৰহ্ম

By

Published : Feb 14, 2023, 2:09 PM IST

মৰিগাঁৱত উপস্থিত হৈ শিপিনীৰে বাৰ্তালাপত মিলিত হ’ল ৰাজ্যৰ হস্ততাঁত আৰু বস্তশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম । ৰাজ্যৰ শিপিনীসকলৰ সৰ্বতো প্ৰকাৰে উন্নয়ণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভিন্ন আঁচনি সন্দৰ্ভত মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে (Minister U G Brahma interacts with weavers in Morigaon) । পিছে মন্ত্ৰীগৰাকীৰ ডিঙিত দেখিবলৈ পোৱা গ'ল বহিৰাজ্যৰ পৰা আমদানি কৰা গামোচাহে ৷

Minister U G Brahma interacts with weavers in Morigaon
মৰিগাঁৱত শিপিনীৰ সৈতে বাৰ্তালাপ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

মৰিগাঁৱত শিপিনীৰ সৈতে বাৰ্তালাপ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

মৰিগাঁও,১৪ ফ্ৰেব্ৰুৱাৰী:"অসমলৈ বহিঃৰাজ্যৰ গামোচাৰ আমদানি সম্পূৰ্ণ ভাৱে বন্ধ কৰা হ'ব ।" মৰিগাঁৱত উপস্থিত হৈ জিলাখনৰ বিভিন্ন প্ৰান্তপ পৰা অহা শিপিনিসকলৰ সৈতে মত বিনিময় কৰি এই মন্তব্য কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্তশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই (Minister for Handloom and Textiles U G Brahma)। সোমবাৰে মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক ধ্বজাবাহী আঁচনিৰ জৰিয়তে 'স্ব-নিৰ্ভৰ নাৰী'(Swanirbhar Nari)ৰ অধীনৰ ক্ৰয় কেন্দ্ৰ সমূহত শিপিনীসকলে গামোচা যোগানৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰে(Minister U G Brahma interacts with weavers in Morigaon) ৷

এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে ৩ কোটি টকাৰ গামোচা ক্ৰয় কৰিছে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে(Assam govt scheme for Handloom) ৷ আগন্তুক দিনত ৰাজ্য আনৰ শিপিনী সকলৰ পৰা ৩৪ কোটি টকাৰ শালেকটা গামোচা ক্ৰয় কৰিব (Textile procurement center) । এই গামোচাৰ লগতে জনগোষ্ঠীয় পৰিচয় থকা গামোচাও ক্ৰয় কৰিব বুলি অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উখাও গৌৰা ব্ৰহ্মই মত প্ৰকাশ কৰে ।

আনহাতে মৰিগাঁও জিলা হস্ততাঁত বস্ত শিল্পৰ কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰথমে শিপিনীৰ ক্ষেত্ৰতহে গুৰুত্ব দিব বিভাগে ৷ তাৰ পিছতহে পৰ্যায়ৰ ক্ৰমে ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ জৰাজীৰ্ণ কাৰ্যালয়ৰ মেৰামতি আৰু নতুন নিৰ্মাণৰ বাবে চৰকাৰী যোজনা যুগুত কৰা হৈছে বুলি মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ।

স্ব-নিৰ্ভৰ নাৰী আঁচনি(Swanirbhar Nari scheme in Assam) সফল কৰাতোহে বিভাগৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি ব্ৰহ্মই কয় যে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰি তেওঁলোকক প্ৰত্যক্ষভাৱে উপকৃত কৰাত বৰ্তমান গুৰুত্ব আৰোপ কৰা হৈছে । ইতিমধ্যে বিভাগৰ পৰ্টেলত সমগ্ৰ অসমৰ প্ৰায় ৫ লাখ শিপিনীয়ে পঞ্জীয়ণ কৰিছে । বিভাগৰ এই প্ৰচেষ্টাক সফল কৰি তুলিবলৈ সকলোৰে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীৰ এনেবোৰ মন্তব্যৰ বিপৰীতে শিপিনীসকলেও উত্থাপন কৰে ভিন্ন অভিযোগ । গামোচা বৈ দিয়াৰ পাছত চৰকাৰে ধন দিয়ে । ইয়াৰ বাহিৰে শিপিনীসকলে আন কোনো সুবিধা লাভ কৰা নাই বুলি মন্তব্য কৰে মৰিগাঁৱৰ শিপিনীসকলে । লক্ষণীয়ভাৱে সোমবাৰে মন্ত্ৰীগৰাকী উপস্থিত হোৱা মৰিগাঁও জিলাৰ হস্ততাঁত ও বস্ত শিল্প বিভাগৰ কাৰ্যালয়ৰ আন্তঃগাঁথনি আছিল পুতৌজনক ৷ এনেবোৰ বিষয়ত মন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ মন্তব্য কৰা পৰিলক্ষিত নহ'ল । আনহাতে মন্ত্ৰীগৰাকীৰ ডিঙিত দেখিবলৈ পোৱা গ'ল বহিৰাজ্যৰ পৰা আমদানি কৰা গামোচাহে ৷ এই সন্দৰ্ভত কৌশলী মন্তব্য কৰে হস্ততাঁত আৰু বস্ত শিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই ।

লগতে পঢ়ক:Robbery at petrol pump: কোকৰাঝাৰৰ পেট্ৰ'ল পাম্পত পিষ্টল দেখুৱাই লক্ষাধিক টকা লুট

ABOUT THE AUTHOR

...view details