অসম

assam

Amrit Vriksha Movement: অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত বৈঠক

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 12:13 AM IST

১৭ ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ১.৩৫ লাখ বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ । এই সন্দৰ্ভত মঙলবাৰে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এখন বিশেষ বৈঠক ।

Meeting on Amrit Vriksha Movement in Morigaon
অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত বৈঠক

মৰিগাঁও,৫ ছেপ্টেম্বৰ:মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখন গুৰুত্বপূৰ্ণ সভা । সভাত ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলন শীৰ্ষক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ সফল ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । সভাত সভাপতিত্ব কৰে অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল কুমাৰ বৰুৱাই ।

অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত বৈঠক

উল্লেখযোগ্য যে এই অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত অহা ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমতে ১ কোটি বাণিজ্যিক চাহিদা সম্পন্ন গছপুলি ৰোপণ কৰা হ'ব । মৰিগাঁও জিলাত উক্ত দিনত ১ লাখ ৩৫ হাজাৰ গছপুলি ৰোপণ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ দেওশাল, মানিকপুৰ আৰু ধৰমতুলত বন বিভাগৰ উদ্যোগত গছপুলিৰ মজুতকৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব ।

অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত বৈঠক

ইতিমধ্যে নাম পঞ্জীয়ন কৰা আত্মসহায়ক গোটৰ সদস্য, আশাকৰ্মী, বিদ্যালয়, মহাবিদ্যালয়, আৰক্ষী, চাহ বাগিচা, চৰকাৰী কৰ্মচাৰী আৰু অন্যান্যসকলক ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গছপুলিসমূহ যোগান ধৰা হ'ব । অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে ১৭ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১১ ছেপ্টেম্বৰৰ ভিতৰত গছপুলিসমূহ ৰোপণ কৰিব লাগিব ।

অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত বৈঠক

তেওঁ সমগ্ৰ প্ৰক্ৰিয়াটোত স্বাস্থ্য বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ, আৰক্ষী আৰু শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছে বুলি মন্তব্য কৰে আৰু এই অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে । উক্ত বৈঠকত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক:Tense situation prevail at Congress meeting:ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details