অসম

assam

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণক লৈ মাজুলীৰ ঘৰে ঘৰে মাটি চাকি প্ৰজ্বলন

By

Published : Feb 17, 2021, 10:05 PM IST

মাজুলীৰ সত্ৰ সমূহৰ লগতে প্ৰতি খন গাঁৱৰ প্ৰতিটো পদূলিত জ্বলিছে এগছিকৈ বন্তী ৷ মাজুলীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠানৰ প্ৰাকক্ষণত এগছকৈ বন্তি প্ৰজ্বলন কৰিছে মাজুলীবাসীয়ে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ আধাৰশিলা ৷

as_maj_03_bridge_connecting_majuli_jorhat_vis_img_as10026
pm modi to lay foundation of the bridge connecting majuli and jorhat

মাজুলী, 17 ফেব্ৰুৱাৰী:বৃহস্পতিবাৰে অনুষ্ঠিত হ'বমাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন অনুষ্ঠান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ আধাৰশিলা ৷

এই উপলক্ষে বুধবাৰে মাজুলীৰ প্ৰতিঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে সকলোৱে এগছকৈ বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হয় ৷ বহু প্ৰত্যশিত দলং খনৰ সপোন অৱশেষত পূৰণ হ'বলৈ গৈ থকা বুলি জানি এতিয়া উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ৰাইজ ৷ দলং নিৰ্মাণক লৈ আনন্দত আত্মহাৰা হৈ পৰা ৰাইজৰ মতে বৃহস্পতিবাৰৰ পৰাই মাজুলীবাসীৰ যাতায়তৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ'ব ৷

মাজুলীৰ ঘৰে ঘৰে মাটিচাকি প্ৰজ্বলন

উল্লেখ্য যে, যোৰহাট সংযোগী দলং খনৰ ভূমি পূজনৰ প্ৰাক ক্ষণত প্ৰতিঘৰ মাজুলীবাসীৰ লগতে মাজুলীৰ প্ৰতিখন সত্ৰ, প্ৰতিতো নামঘৰ, প্ৰতিখন গাঁৱৰ পদুলিয়ে পদূলিয়ে এগছকৈ মাটিৰ চাকি জ্বলি উঠা দেখিবলৈ পোৱা গ'ল ৷

লগতে পঢ়ক:কাইলৈ প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব ধুবুৰী-ফুলবাৰী দলঙৰ আধাৰশিলা

ABOUT THE AUTHOR

...view details