অসম

assam

Tributes paid to martyrs: লখিমপুৰত ৪২ ৰ স্বাধীনতা আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা জনাই গ্ৰন্থ উন্মোচন

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 9:25 PM IST

দেশৰ স্বাধীনতা ঘূৰাই আনিবৰ বাবে স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল বহু লোকে । ৪২ ৰ আন্দোলনতো দেশৰ স্বাধীনতাৰ বাবে ২০ ছেপ্টেম্বৰত প্ৰাণ আহুতি দিছিল ৰাজ্যৰ ১৬ গৰাকীকৈ শ্বহীদে । বুধবাৰে লখিমপুৰত সন্ধ্যা সেই ১৬ গৰাকী শ্বহীদলৈ তিনি সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । উক্ত অনুষ্ঠানতে মুকলি কৰা হয় এখন গ্ৰন্থও ।

Book release as tributes paid to martyrs in Lakhimpur
লখিমপুৰত শ্বহীদলৈ শ্ৰদ্ধা জনাই গ্ৰন্থ উন্মোচন

লখিমপুৰত শ্বহীদলৈ শ্ৰদ্ধা জনাই গ্ৰন্থ উন্মোচন

লখিমপুৰ,২০ ছেপ্টেম্বৰ: লখিমপুৰত ৪২ ৰ স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া ১৬ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত স্বাধীনতা আন্দোলনত ঢেকীয়াজুলি আৰু গহপুৰত দেশৰ হকে প্ৰাণাহুতি দিয়া ১৬ গৰাকী শ্বহীদৰ প্ৰতি বুধবাৰে সন্ধ্যা লখিমপুৰৰ ত্যাগ ক্ষেত্রত আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয় । মংগলবোধ জাগৰণ কেন্দ্র, লখিমপুৰ জিলা যোগী সন্মিলনীৰ উদ্যোগত আৰু লখিমপুৰ প্ৰেছ ক্লাবৰ সহযোগত নগৰৰ ত্যাগ ক্ষেত্রত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় ।

সঞ্জীব উপাধ্যায়ে আঁত ধৰা অনুষ্ঠানটোত লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলে শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, খহুলী দেবী, কনিকা দেৱী, মণিৰাম কছাৰী, মহীৰাম কোচ, মংগল কুৰ্মী, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, লেৰেলা কছাৰী, দয়াল দাস পানিকা, সৰু নাথ চুতীয়া, কৰ্ক গড়, ছোট নাথ, কনকলতা বৰুৱা, আৰু মুকুন্দ কাকতিলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সকলোৱে অনুষ্ঠানটোত বীৰ শ্বহীদসকলৰ ত্যাগ আৰু আদৰ্শক স্মৰণ কৰে ।

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰশান্ত কুমাৰ নাথৰ "শ্বহীদ মনবৰ নাথ আৰু ৰক্তাক্ত বিয়াল্লিছ" শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণখন উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই । অনুষ্ঠানটোত জিলাখনৰ শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ মাধ্যম আদি বিভিন্ন ক্ষেত্রৰ ভালেমান ব্যক্তিয়ে অংশগ্রহণ কৰে ।

ইফালে অনুষ্ঠানটিত উপস্থিত থাকি গ্ৰন্থখনৰ প্ৰণেতা প্ৰশান্ত কুমাৰ নাথে ৪২ ৰ আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে । বৰ্তমান প্ৰজন্মই সেই শ্বহীদসকলৰ আদৰ্শ গ্ৰহণ কৰি কিদৰে আগুৱাই যাব পাৰে সেই সন্দৰ্ভতো আলোকপাত কৰে প্ৰশান্ত কুমাৰ নাথে ।

লগতে পঢ়ক:Protest in Jorhat: পুনৰ জ্বলিল উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details