অসম

assam

Microfinance relief scheme: কোকৰাঝাৰত ৫০০০ গৰাকী মহিলাক চেক প্ৰদান

By

Published : Mar 27, 2022, 5:05 PM IST

কোকৰাঝাৰ বিটিআৰ সচিবালয়ৰ বিশাল খেলপথাৰত দেওবাৰে মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত(Microfinance relief scheme) ৫০০০ গৰাকী মহিলা হিতাধিকাৰী তথা মহিলা আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয় । চেক বিতৰণী অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘালে অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিশ্ৰুতি অনুযায়ী ৰাজ্যজুৰি লাখ লাখ পৰিয়াললৈ ঋণ মাফ কৰি সকাহ প্ৰদান কৰিছে (Ashok Singhal in cheque distribution event at Kokrajhar )

Microfinance relief scheme
কোকৰাঝাৰত ৫০০০ গৰাকী মহিলাক চেক প্ৰদান

কোকৰাঝাৰ, ২৭ মাৰ্চ: কোকৰাঝাৰ বিটিআৰ সচিবালয়ৰ বিশাল খেলপথাৰত দেওবাৰে মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ(Microfinance relief scheme) অধীনত ৫০০০ গৰাকী মহিলা হিতাধিকাৰী তথা মহিলা আত্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয় । চেক বিতৰণী অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘালে অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিশ্ৰুতি অনুযায়ী ৰাজ্যজুৰি লাখ লাখ পৰিয়াললৈ ঋণ মাফ কৰি সকাহ প্ৰদান কৰিছে ।

কোকৰাঝাৰত ৫০০০ গৰাকী মহিলাক চেক প্ৰদান

নিজ ভাষণত মন্ত্ৰী অশোক সিংঘালে ভেদাভেদ পাহৰি সকলোকে বিকাশৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । বিটিআৰৰ প্ৰমোদ বড়োৰ চৰকাৰক সফল চৰকাৰ বুলি অভিহিত কৰি দুখীয়াৰ বাবে আৰু বহু আঁচনি বিজেপিৰ হাতত আছে বুলি মন্তব্য কৰে । হিমন্তৰ হাত মজবুত কৰিবলৈ সকলোৱে বদ্ধপৰিকৰ আৰু পৰিবৰ্তনৰ এই যাত্ৰা অব্যাহত থাকিব বুলি মন্তব্য কৰি অশোক সিংঘালে জনতাৰ আশা আকাংক্ষা পুৰণ কৰা হ’ব বুলি মন্তব্য কৰিছে অশোক সিংঘালে ।

জিলাখনৰ সৰ্বমুঠ ১৯১১২ গৰাকী মহিলা হিতাধিকাৰীক মাইক্ৰফাইনেঞ্চৰ ঋণমুক্ত কৰাৰ বাবে বাচনিভুক্ত কৰা হৈছে আৰু সেয়া পৰ্যায়ক্ৰমে দিয়া হ’ব বুলি ঘোষণা কৰিছে কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে । ইপিনে দামবৃদ্ধি সম্পৰ্কত মন্ত্ৰী অশোক সিংঘালে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে আৰু যাৰ পৰিণতিতে বয়বস্তুৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য কৰি যুদ্ধ বন্ধ হ’লেই সামগ্ৰীৰ দাম কমিব বুলি আশা প্ৰকাশ কৰিছে (Russia Ukraine war causing prise hike) ।

অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ দে, উহলচন হাসদাকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ

ABOUT THE AUTHOR

...view details