কৰিমগঞ্জ, 1 ডিচেম্বৰ : ‘‘ছাব্বিৰ আহমেদক হত্যা কৰা হৈছে ৷ ছাব্বিৰৰ স্বাভাৱিক মৃত্যু হোৱা নাই ৷ ছাব্বিৰৰ হত্যাৰ তদন্ত কৰক অসম চৰকাৰে ৷’’ জীৱনৰ আদবাটতে নিজৰ সুঠাম ল’ৰাক হেৰুৱাই এয়া এটা ভুক্তভোগী পৰিয়ালৰ বিননি ৷
আকৌ আহিছে মৃত্যুৰ বাতৰি ৷ বহিঃৰাজ্যত পুনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে অসমৰ আন এজন যুৱকৰ (Young man from Assam has died mysteriously abroad again) ৷ এইবাৰ বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হৈছে কৰিমগঞ্জ জিলাৰ বৰপুৰ সমষ্টিৰ ভাংগা এলেকাৰ এজন যুৱকৰ ৷ বহিঃৰাজ্যত মৃত্যু হোৱা যুৱকজনৰ নাম ছাব্বিৰ আহমেদ ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাংগা এলেকাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে (Assam Youth died in abroad) ৷
লগতে পঢ়ক :Murder at Moran : ভাতত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে !