কৰিমগঞ্জ, 1 আগষ্ট: ৰাজ্যত বৃদ্ধি হৈছে অসামাজিক কাৰ্যকলাপ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ কাছাৰত পোহৰলৈ আহিছে নাৰী দেহ ব্যৱসায়ী চক্ৰৰ এক ভয়ানক নেটৱৰ্ক (Women trafficking in Cachar)৷ শনিবাৰে নিশা কালাইন আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কাছাৰৰ দিগৰখাল এলেকাস্থিত ৰাজ হোটেলত তালাচী অভিযান চলায় ৷ কাছাৰ আৰক্ষীয়ে হোটেলখনৰ পৰা এটা পিষ্টল জব্দ কৰাৰ লগতে এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে নাৰী সৰবাৰাহৰ লগত লিপ্ত থকা অভিযোগত মানিক মালাকাৰ নামৰ এজন অভিযুক্তক আটক কৰে ৷
উদ্ধাৰ হোৱা কিশোৰীয়ে জনোৱা মতে, হোটেলখনত বহু দিনৰ পৰা চলি আহিছে নাৰী সৰবৰাহৰ লগতে অবৈধ দেহ ব্যৱসায়ৰ ঘটনা ৷ বিগত দিনত হোটেলখনৰ পৰা বহু যুৱতীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছে কুখ্যাত চক্ৰটোৱে ৷ ইয়াৰ লগতে নিশা তালাচীৰ সময়ত আৰক্ষীয়ে ৰাজ হোটেলৰ পৰা আন বহু আপত্তিজনক তথ্যও লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অভিযান কালত হোটেলৰ এখন বিচনাৰ পৰা এটা পিষ্টলো জব্দ কৰিলে ৷