অসম

assam

KULA militant group : কাৰ্বি আংলঙত নতুন বিদ্ৰোহী সংগঠনৰ আত্ম প্ৰকাশ; আৰক্ষীৰ জালত তিনি কেডাৰ

By

Published : Aug 3, 2022, 1:39 PM IST

KULA militant group

কাৰ্বি আংলঙৰ নতুন বিদ্ৰোহী সংগঠন KULAৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ (Clash between Police and KULA militant group)। আৰক্ষীৰ গুলীত আহত সংগঠনটোৰ অধ্যক্ষ । আটক আন দুজন কেডাৰ ।

ডিফু, ৩ আগষ্ট : কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনেৰে চৰকাৰৰ শান্তি চুক্তিৰ জৰিয়তে জিলাখনত শান্তি ঘূৰি অহাৰ দাবী কৰি থকা হৈছে । কিন্তু তেনে সময়তে জিলাখনত আত্ম প্ৰকাশ আন এটা বিদ্ৰোহী সংগঠনৰ (New rebel organization debut in Karbi Anglong)। কাৰ্বি ইউনাইটেড লিবাৰেছন আৰ্মী চমুকৈ KULA নামৰ সংগঠনটোৱে শেহতীয়াকৈ আত্ম প্ৰকাশ কৰাৰ কথা পোহৰলৈ আহিছে ৷

অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

মঙলবাৰে নিশা আৰক্ষী আৰু বিদ্ৰোহী সংগঠনটোৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় (Firing between Police and KULA)। এই ঘটনাৰ পাছতে পুনৰ উদ্বিগ্ন হৈ পৰিছে জিলাবাসী । জানিব পৰা মতে আৰক্ষীৰে হোৱা গুলীয়াগুলিত গুৰুতৰভাৱে আহত হয় সংগঠনটোৰ অধ্যক্ষ ডেনিয়েল টেৰণ ওৰফে ডি,পি ক্ৰংজাং ৷ মাঞ্জা থানাৰ অধীনৰ লাংভুকু অঞ্চলত সংঘটিত হয় গুলীয়াগুলিৰ ঘটনাটো ।

আৰক্ষীয়ে উদ্ধাৰ কৰে সংগঠনৰ দাবী পত্ৰ

আনহাতে ধনদাবীত জড়িত সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰণৱ তিমুং ওৰফে চেদাং টুনগান আৰু বিত্তীয় সচিব থেংটম হানচে ওৰফে আৰাক ইজাঙক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে (KULA cadre arrested in Karbi Anglong)।

এই সমগ্ৰ ঘটনাত আৰক্ষীয়ে কেডাৰ কেইজনৰ পৰা এটা .২২ পিষ্টল, সজীৱ গুলী, ধনদাবী পত্ৰ, এটা এ.কে মেগজিন, সেনাৰ পোচাক, চীল-মোহৰ আৰু চীম কাৰ্ডসহ ম'বাইল হেণ্ডচেট জব্দ কৰে । আৰক্ষীয়ে ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰিছে । লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Kalgachia theft: কলগাছিয়াত সোণৰ অলংকাৰসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

ABOUT THE AUTHOR

...view details