অসম

assam

ডিফুত ধনদাবী কৰি আটক কেপিএলটিৰ সদস্য

By

Published : Aug 26, 2021, 10:55 AM IST

ডিফু বজাৰত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এটা আলোচনাপন্থী কেপিএলটিৰ সদস্য। ধন দাবীৰ নামত আটক হৈছে কেপিএলটিৰ বিদ্ৰোহী সংগঠনৰ সদস্য ।

member-of-kplt-detained-for-extortion-in-diphu-etv-bharat-assam
ডিফুত ধনদাবী কৰি আটক কে পি এল টিৰ সদস্য

ডিফু, 26 আগষ্ট :এইবাৰ ডিফু বজাৰত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এটা আলোচনাপন্থী কেপিএলটিৰ সদস্য । মূলসূঁতিলৈ অহাৰ পিছত একাংশ প্ৰাক্তন বিদ্ৰোহীয়ে বিভিন্ন কূটাঘাতমূলক কাৰ্যত জড়িত থকাৰ কথা পুনৰবাৰ প্ৰমাণিত হ'ল । এইবাৰ ধনদাবীৰ নামত আটক হৈছে কেপিএলটিৰ দৰে বিদ্ৰোহী সংগঠনৰ সদস্য । ডিফু বজাৰৰ অধিকাংশ ব্যৱসায়ীক একাংশ দুৰ্বৃত্তই বিভিন্ন ভাবুকিৰে ধন দাবী কৰি আহিছিল ।

ডিফুত ধনদাবী কৰি আটক কে পি এল টিৰ সদস্য

অৱশেষত গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে ডিফু নগৰ আৰক্ষীক এজাহাৰ দাখিল কৰে । ইয়াৰ পিচতেই মঙলবাৰে সন্ধিয়া ডিফু আৰক্ষীয়ে মাটিপুং নিবাসী অৰুণ তেৰাঙক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰে আটকাধীন কেপিএলটি সদস্য গৰাকীক উক্ত এজাহাৰৰ ভিত্তিত ডিফু থানাত 223/2021 নম্বৰত এক গোচৰ ৰুজু কৰি ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:সংবাদকৰ্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details