অসম

assam

Karbi Peace Accord: চুক্তি ৰূপায়নত পলম হোৱাত ক্ষুব্ধ প্ৰাক্তন বিদ্ৰোহী

By

Published : Jul 12, 2022, 8:43 PM IST

ডিফুত সোমবাৰে ছয় প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ এক্স ৰিভ’লিউশ্যনেৰী ইউনাইটেড ফৰামৰ তৰফৰ পৰা এক সংবাদমেলৰ আয়োজন কৰি শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অহেতুক পলম কৰা বুলি অসন্তুষ্টি ব্যক্ত কৰে (KERUF on Karbi Peace Accord) । ছটা উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চ কেৰাফৰ নেতা সকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে ৷

Karbi Peace Accord
Karbi Peace Accord

ডিফু, 12 জুলাই: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত যথা সময়ত চুক্তিখনৰ দফাসমূহ সফল ৰূপায়ণক লৈ প্ৰথমবাৰৰ বাবে সংবাদমেল আয়োজন কৰি সংগঠন সমূহৰ নেতৃবৰ্গই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Ex Karbi militant on Karbi peace accord) ৷ মঙলবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ছয় প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ এক্স ৰিভ’লিউশ্যনেৰী ইউনাইটেড ফৰামৰ তৰফৰ পৰা এক সংবাদমেলৰ আয়োজন কৰি শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অহেতুক পলম কৰা বুলি অসন্তুষ্টি ব্যক্ত কৰে । পিডিলি, কংকাট টেৰণ, থং টেৰণকে ধৰি ভালেকেইগৰাকী নেতাৰ উপস্থিতিত সংবাদমেলখন অনুষ্ঠিত হয় ৷

শান্তি চুক্তি ৰূপায়নত পলম হোৱাত ক্ষোভিত প্ৰাক্তন বিদ্ৰোহী নেতাৰ

সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিদ্ৰোহী নেতা পিডিলিয়ে শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে বুলি মন্তব্য কৰে ৷ চুক্তিত উল্লেখ কৰা অনুচ্ছেদ ২.২ ৰূপায়ণ কৰাৰ লগতে অনুচ্ছেদ ২.৩ অনুসৰি পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি কৰি ৩৪ খন কৰি পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায় নেতাগৰাকীয়ে ৷ লগতে অনুচ্ছেদ ৩.৫ অনুসৰি কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰি থকা কাৰ্বি সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী তোলে (Karbi Peace Accord)৷ ইয়াৰোপৰি, ৩.৬ অনুচ্ছেদ অনুসৰি কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰি থকা কাৰ্বিসকলৰ বাবে ওৱেলফেয়াৰ অট'নমাছ কাউঞ্চিলৰ দাবী জনায় ৷

ঠিক সেইদৰে শান্তি চুক্তিৰ ৪.৪ অনুচ্ছেদ অনুসৰি চুক্তি স্বাক্ষৰকাৰীৰ সংগঠন সমূহৰ কেডাৰ সকলক তিনি বছৰলৈকে মাহে ছহেজাৰ টকাকৈ ভাট্টা দিয়াৰ উল্লেখ কৰা হৈছিল যদিও এই ভাট্টা এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই ৷ অনুচ্ছেদ ৪.৫ অনুসৰি প্ৰাক্তন বিদ্ৰোহী কেডাৰ সকলক পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল যদিও এই সন্দৰ্ভত সংগঠন সমূহৰ সৈতে কোনো আলোচনা কৰা হোৱা নাই বুলি উল্লেখ কৰে ৷

উল্লেখযোগ্য যে, শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে চুক্তিখনৰ ৰূপায়ণৰ কাম দ্ৰুত গতিৰে সম্পন্ন কৰা হৈছিল বুলি সংগঠন কেইটাই কয় ৷ শান্তি চুক্তিৰ ফলত জিলাখনৰ পৰিৱেশ স্বাভাৱিক হোৱাৰ বাবেই জিলাখনলৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অহাৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকী জিলাখনলৈ আহি চুক্তিৰ আধাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যদিও পৰৱৰ্তী সময়ত চুক্তি খনৰ দফা সমূহ কাৰ্যকৰী হোৱাত অযথা পলম হোৱা বুলি অসন্তুষ্টি প্ৰকাশ কৰে তেওঁলোকে ৷

প্ৰাক্তন বিদ্ৰোহী নেতা সকলক এতিয়ালৈকে কোনো ৰাজনৈতিকভাৱে সংস্থাপিত নকৰাত ক্ষোভ ব্যক্ত কৰে ৷ চুক্তিৰ এবছৰ উকলি যোৱাৰ পিছত চুক্তিখনক লৈ মাত্ৰ এবাৰহে পুনৰীক্ষণ বৈঠক অনুষ্ঠিত হোৱাত আক্ষেপ প্ৰকাশ কৰে কেৰাফৰ নেতা সকলে ৷ ছটা উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চ কেৰাফৰ নেতা সকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :APHLC ৰ মুখপাত্ৰ আংতং ইংতি কথাৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details