অসম

assam

জ'ন ইংতি কাথাৰৰ বিষ্ফোৰণ: এই জয় জিলাবাসীৰ জয় নহয়

By

Published : Jun 13, 2022, 8:53 PM IST

কাৰ্বি আংলঙক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ এই গুৰুতৰ অভিযোগ অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেঞ্চ চমুকৈ এ পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰৰ ।

জ'ন ইংতি কাথাৰৰ বিষ্ফোৰণ: এই জয় জিলাবাসীৰ জয় নহয়
জ'ন ইংতি কাথাৰৰ বিষ্ফোৰণ: এই জয় জিলাবাসীৰ জয় নহয়

ডিফু, ১৩ জুন: কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাসত অভিলেখ সৃষ্টি কৰি পৰিষদৰ আটাইকেইখন আসনতে বিজেপি দলে জয়লাভ কৰাৰ পিছত স্বায়ত্ত শাসিত পৰিষদখন গঠনৰ দিশে গেৰুৱা দলটো আগবাঢ়িছে যদিও সদ্যসমাপ্ত নিৰ্বাচনক কেন্দ্ৰ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিৰোধী দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেঞ্চ চমুকৈ এ পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰে (APHLC President John Engti Kathar react on kaac election)।

এইবাৰ পৰিষদৰ নিৰ্বাচনত ভোটাৰৰ যথেষ্ট সমৰ্থন লাভ কৰাৰ পিছতো এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা দলটোৰ সভাপতিগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্বশাসিত নিৰ্বাচনক অবৈধ বুলি দাবী কৰে । সভাপতিগৰাকীয়ে কয় যে পৰিষদৰ নিৰ্বাচনক লৈ দলটোৱে আদালত গোচৰ ৰুজু কৰিছিল যদিও এই সন্দৰ্ভত আদালতৰ নিৰ্দেশ পোৱাৰ পূৰ্বেই পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল ।

জ'ন ইংতি কাথাৰৰ বিষ্ফোৰণ: এই জয় জিলাবাসীৰ জয় নহয়

কাৰ্বি আংলঙক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰি অহা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিৰোধী নেতাগৰাকীয়ে কয় যে আন কোনো দলে পৰিষদৰ ক্ষমতা দখল কৰিলে মুখ্যমন্ত্ৰীৰ এ টি এম বন্ধ হ'ব (Himanta Biswa Sarma uses Karbi Anglong as ATM) । আনকি অন্য ৰাজ্যৰ নিৰ্বাচনৰ বাবেও কাৰ্বি আংলঙৰ ধন ব্যৱহাৰ কৰা বুলি সভাপতি কাথাৰে অভিযোগ উত্থাপন কৰে । আনহাতে, পৰিষদৰ এইবাৰৰ নিৰ্বাচনত জিলাবাসীৰ নহয় বৰঞ্চ বাঙালী-বিহাৰী সম্প্ৰদায়ৰ লোকৰহে জয় হোৱা বুলি সভাপতিগৰাকীয়ে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

এনে গতিৰে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱা হ'ব বুলি মন্তব্য কৰি নেতাগৰাকীয়ে অসমীয়াই এই কথা কেতিয়া উপলব্ধি কৰিব বুলিও উদ্বেগ প্ৰকাশ কৰে । পৰিষদৰ নিৰ্বাচনত ব্যাপক অনীতি সংঘটিত হোৱা বুলি মন্তব্য কৰি কাথাৰে লগতে এক উদাহৰণ দাঙি ধৰি কয় যে জিৰকা ইংতি গাঁৱৰ ভোটকেন্দ্ৰটো গাঁওখনৰ পৰা ৩৯ কিঃ মিঃ দূৰৈৰ লংনিটলৈ স্থানান্তৰ কৰা হয় ।

ইয়াৰ পিছতো গাঁওখনৰ ভোটৰসকলে এদিন পূৰ্বেই লংনিটলৈ আহে ভোট দিবলৈ ৷ কিন্তু ভোটগ্ৰহণৰ পুৱা ভোটকেন্দ্ৰলৈ গৈ জানিব পাৰে যে তেওঁলোকৰ ভোট ইতিমধ্যে আন কোনোবাই দি গৈছে ৷

লগতে পঢ়ক:কাৰ্বিভূমিত বিৰোধী নাই: ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰামৰ

ABOUT THE AUTHOR

...view details