অসম

assam

ডিফুৰ দেৱজিৎ সিন্হা হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : May 18, 2021, 9:03 PM IST

ডিফুৰ দেৱজিৎ সিনহা হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ দুই মূল অভিযুক্ত ক্ৰমে ফ্ৰেঞ্চিছ ইংতি(৩৭) আৰু ৱাইছং তেৰাঙ(২৮) ৷ ধন নাপাই মটৰ চাইকেলখন লৈ যাব খোজোতেই তৰ্কত লিপ্ত হৈ গুলিয়াই হত্যা কৰিছিল দেৱজিৎক ৷

debojit-murder-accused-arrested-by-karbi-anglong-police
কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতাঃ দেৱজিৎ সিনহা হত্যাকাণ্ডৰ দুই মূল অভিযুক্ত গ্ৰেপ্তাৰ

ডিফু, ১৮ মে': কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ ডিফুৰ দেৱজিৎ সিন্হা হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ বিগত ১৫ মে'ত ডিফু-ধনশিৰি পথত সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷

কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱালে মঙলবাৰে ডিফু থানাত এক সংবাদমেলৰ আয়োজন কৰি কয় যে, এক বিশেষ সূত্ৰৰ পম খেদি কাৰ্বি-আংলং আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ব কৰিবলৈ বিভিন্ন গোটত বিভক্ত হৈছিল ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, ডিফু থানাৰ আৰক্ষী অধীক্ষক সীমান্ত বৰা, মাঞ্জা থানাৰ আৰক্ষী অধীক্ষক জিতুমনি ডেকা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথে বিভিন্ন গোট সমূহক নেতৃত্ব দি অভিযান চলাইছিল ৷

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতাঃ দেৱজিৎ সিনহা হত্যাকাণ্ডৰ দুই মূল অভিযুক্ত গ্ৰেপ্তাৰ

উক্ত অভিযানৰ ফলত মঙলবাৰে দুপৰীয়া মাঞ্জাৰ পৰা ফ্ৰেঞ্চিছ ইংতি(৩৭) আৰু ডিফুৰ পৰা ৱাইছং তেৰাঙ(২৮) নামৰ দুই মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷

অভিযুক্ত দ্বয়ৰ কৱলৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত এটা '২২ পিষ্টল আৰু ৫ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ আগত অভিযুক্তদ্বয়ে দেৱজিৎ সিন্হাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি স্বীকাৰ কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি ১৫ মে'ত দেৱজিৎ সিন্হাই তেওঁৰ লগত এগৰাকী যুৱতীকলৈ বাইক চলাই ডিফু অভিমুখে আহি থকা সময়ত অভিযুক্তদ্বয়ৰে ডিফু-ধনশিৰি পথৰ হাতীকেম্পৰ ওচৰত মুখামুখী হয় ৷ দেৱজিৎ আৰু যুৱতী গৰাকীৰ ওপৰত হোৱা সন্দেহৰ বাবে দুয়োৰে পৰা ধন ঘটাৰ ইচ্ছা কৰিছিল অভিযুক্তদ্বয়ে ৷

ধন নাপাই দেৱজিৎৰ মটৰ চাইকেলখন লৈ যাব খোজোতেই বিবাদত লিপ্ত হয় আৰু অৱশেষত পথৰ ওপৰতে গুলীয়াই হত্যা কৰি অভিযুক্তদ্বয় আঁতৰি যায় ৷ অভিযুক্তদ্বয়ৰ ফ্ৰেঞ্চিছ ইংতি প্ৰাক্তন কেপিএলটি সদস্য যদিও ১৫ মে'ৰ দিনখন ৱাইচং তেৰাঙেই দেৱজিতক পিষ্টলেৰে গুলীয়াই হত্যা কৰে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

এই সন্দৰ্ভত ডিফু থানাত 122/2021 নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302/379/34 IPC আৰু R/W ধাৰা, 26/(1)A /27 অধীনত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ মাত্ৰ তিনিদিনৰ ভিতৰতে কাৰ্বি-আংলং আৰক্ষীৰ এই বৃহৎ সফলতাত শলাগ লৈছ সচেতন মহলে ৷

লগতে পঢ়ক :বৰপেটা মেডিকেল কলেজ হাস্পতালত হেৰাল ৰোগীৰ ক'ভিড পৰীক্ষাৰ নমুনা

ABOUT THE AUTHOR

...view details