অসম

assam

বীৰেণ ছিং ইংতিক সাক্ষাৎ কাৰ্বি আংলং জিলা বিজেপিৰ নেতৃবৰ্গৰ

By

Published : Aug 19, 2021, 10:47 AM IST

বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ বীৰেণ ছিং ইংতিক সাক্ষাৎ কৰে তুলিৰাম ৰংহাংসহ বিজেপিৰ নেতৃবৰ্গই । এয়া কেৱল সৌজন্যমূলক সাক্ষাৎ বুলি বিজেপিয়ে জানিবলৈ দিছে ৷

BJP TEAM MEETS EX CONGRESS MP BIREN SING ENGTI
বীৰেণ ছিং ইংতিক সাক্ষাৎ কাৰ্বি আংলং জিলা বিজেপিৰ নেতৃবৰ্গৰ

ডিফু, ১৯ আগষ্ট: কংগ্ৰেছ দলত বৰ্তমান দল ত্যাগৰ ৰাজনীতি চলি থকাৰ মাজতে বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ বীৰেণ ছিং ইংতিক সাক্ষাৎ কৰে কাৰ্বি আংলং জিলা বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই । বুধবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু কেইবাগৰাকীও নেতা ।

শেহতীয়াকৈ কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই দল ত্যাগ কৰাৰ সময়তে কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীক বিজেপিৰ নেতৃবৰ্গই সাক্ষাৎ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইয়াৰ উপৰিও চলিত সপ্তাহতে সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাক লৈ কংগ্ৰেছ শিবিৰত স্বাভাৱিকতে কিছু চিন্তাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

বুধবাৰে বিয়লি পাহাৰীয়া এলেকাটোৰ পৰা পাঁচবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱা বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ ডিফুস্থিত বাসগৃহত উপস্থিত হয় বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন । বিধায়কগৰাকী প্ৰাক্তন সাংসদগৰাকীৰ বাসগৃহত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে সাংসদগৰাকীৰ বাসগৃহত উপস্থিত হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ।

বীৰেণ ছিং ইংতিক সাক্ষাৎ কাৰ্বি আংলং জিলা বিজেপিৰ নেতৃবৰ্গৰ

কাৰ্বি আংলং জিলা বিজেপিৰ দুয়োগৰাকী শীৰ্ষ নেতাই প্ৰাক্তন সাংসদগৰাকীক সাক্ষাৎ কৰাৰ সময়ত প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰ তথা বোকাজানৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতিও উপস্থিত থকা বুলি জানিব পৰা গৈছে । অৱশ্যে প্ৰাক্তন সাংসদগৰাকীৰ সৈতে বিজেপিৰ জ্যেষ্ঠ নেতা দুগৰাকীৰ সাক্ষাতৰ কাৰণ জানিব পৰা হোৱা নাই । বৈঠকত ভিন্ন ৰাজনৈতিক বিষয়ক লৈ আলোচনা কৰা হৈছে বুলি এক সূত্ৰই জানিবলৈ দিছে ৷

এয়া কেৱল সৌজন্যমূলক সাক্ষাৎ বুলি বিজেপিয়ে জানিবলৈ দিছে ৷ কিন্তু এই সাক্ষাৎ ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । ৰাজ্যখনৰ বিভিন্ন এলেকাত সাংগঠনিক ক্ষেত্ৰত কংগ্ৰেছ দলৰ গুৰি ধৰি অহা কেইবাজনো আগশাৰীৰ কংগ্ৰেছ নেতাক ইতিমধ্যে বিজেপিত যোগদান কৰোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে । জিলাখনতো কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা ৰাজনীতিয়ে দলটোত শক্তিশালী ভূমিকা গ্ৰহণ কৰি অহা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে ।

বিগত বিধানসভা নিৰ্বাচনতো বোকাজানত কংগ্ৰেছ দলৰ একাংশ শীৰ্ষ নেতৃত্বই বিজেপি দললৈ সহায়ৰ হাত আগবঢ়োৱা বুলিও চৰ্চালৈ আহিছিল । এনে পৰিপ্ৰেক্ষিতত এই সাক্ষাতে স্বাভাৱিকতে কেতবোৰ নতুন সমীকৰণৰ বাট মুকলি কৰিছে । বুধবাৰৰ এই সাক্ষাতৰ সময়ত সাংসদ হৰেনছিং বে’, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকীও সদস্য, কাৰ্যবাহী সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক: বানৰ পূৰ্বে বোকাখাতত জাহ গ’ল কোটিটকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি

ABOUT THE AUTHOR

...view details