অসম

assam

ঘৰে ঘৰে পদাৰ্পণ; নতুন কাৰ্যসূচী ৰাজ্য চৰকাৰৰ

By

Published : Nov 10, 2021, 6:29 PM IST

100 শতাংশ যোগ্য সকলো ব্যক্তিকে 27 নৱেম্বৰৰ ভিতৰত এপালিকলৈ হ’লেও ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷ নিশা ডি চি, এছ পিৰে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ ৷

completing covid vaccination by november 27
‘ঘৰে ঘৰে পদাৰ্পণ’; নতুন কাৰ্যসূচী ৰাজ্য চৰকাৰৰ

গুৱাহাটী, 10 নৱেম্বৰ : 8 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছেঘৰে ঘৰে পদাৰ্পণ কাৰ্যসূচী ৷ 22 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে মুখ্যমন্ত্ৰী, সকলো মন্ত্ৰী-বিধায়ক-সাংসদ, মুখ্যসচিবৰ পৰা সকলো উপায়ুক্ত-আৰক্ষী অধীক্ষক, বিভাগীয় বিষয়াই একোটাকৈ ভোটকেন্দ্ৰত বাহৰ পাতি ভাগ ল’ব টীকাকৰণ অভিযানত ৷

অসমত 27 নৱেম্বৰৰ ভিতৰত 100 শতাংশ যোগ্য লোককে কমেও এপালিকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ সফলতাৰে এই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 8 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত 'ঘৰে ঘৰে পদাৰ্পণ' শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লৈছে ৷

27 নৱেম্বৰৰ ভিতৰত এপালিকলৈ হ’লেও ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব ৰাজ্য চৰকাৰে

এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত 8 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান জোৰদাৰ ভাৱে অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাতে স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত একোটাকৈ দলে ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰে ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বিষয়ে জৰীপ চলাই প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ।

পৰিকল্পনাৰ দ্বিতীয় পৰ্যায়ত 22 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী, বিধায়ক, সাংসদ আৰু মুখ্য সচিবকে ধৰি সকলো অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত-সচিব, জিলাৰ উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকলৰ প্ৰত্যেকেই একোটাকৈ ভোটকেন্দ্ৰ এলেকাত বাহৰ পাতি 100 শতাংশ যোগ্য লোকে কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰিব ৷

‘ঘৰে ঘৰে পদাৰ্পণ’; নতুন কাৰ্যসূচী ৰাজ্য চৰকাৰৰ

উক্ত কাৰ্যসূচী ফলপ্ৰসূ হোৱাৰ লক্ষ্য আগত ৰাখি মঙ্গলবাৰে নিশা সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীৰ এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিব ,স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক, স্বাস্থ্যসেৱা সঞ্চালক, পৰিয়াল কল্যাণ সঞ্চালক, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালকে ভাগ লোৱা এই ভিডিঅ' কনফাৰেন্সতেই মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত সকলক নিজ নিজ জিলাত 100 শতাংশ ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে চাওক :জিকা ভাইৰাছৰ আতংক: এন এইছ এমৰ সতৰ্কবাণী

ABOUT THE AUTHOR

...view details