ছয়গাঁও, 15 মে’: লক ডাউনৰ সময়তে ছয়গাঁৱত নিশাৰ ভাগত চলি আছে অবৈধ গৰুৰ সৰবৰাহ ৷ বৃহস্পতিবাৰে পুৱতি নিশা ছয়গাঁও আৰক্ষীয়ে 4টাকৈ বলধ গৰু কঢ়িয়াই নিয়া বাহন জব্দ কৰাৰ পিছতেই ওলাই পৰে প্ৰকৃত সত্য ৷ সান্ধ্যআইনৰ মাজতো ছয়গাঁৱৰ গুমি পথেৰে অবাধে সৰবৰাহ হৈ আছে গৰুৰ চালান ৷
লক ডাউন : ছয়গাঁৱত অবৈধ গৰু সৰবৰাহকাৰী বাহন জব্দ
বৃহস্পতিবাৰে পুৱতি নিশা ছয়গাঁও আৰক্ষী থানাৰ তহলদাৰী আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে কঢ়িয়াই নিয়া 4টা বলধসহ এখন বাহন ৷ বাহনখনৰ চালক জেহেৰুল হককো আটক আৰক্ষীৰ ৷ গৰৈমাৰীৰ পৰা গুৱাহাটী অভিমুখে নিয়া হৈছিল বলধ 4টা ৷
ছয়গাঁৱত অবৈধ গৰু সৰবৰাহকাৰী বাহন জব্দ
উল্লেখ্য যে, AS-01-CC-8519 নম্বৰৰ অবৈধ গৰু সৰবৰাহ কৰা বাহনখনৰ চালক জেহেৰুল হককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ চাৰিওটা বলধ গৰু গৰৈমাৰীৰ পৰা গুৱাহাটী অভিমুখে নিয়া হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :