অসম

assam

ৰঙিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুজন

By

Published : May 30, 2021, 12:18 PM IST

ৰঙিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক । ৰঙিয়াৰ কৰিয়াৰাত আৰক্ষীৰ এই অভিযানত জব্দ কেইবা লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ ।

drugs seized
ৰঙিয়াত বৃহৎ পৰিমানৰ ড্ৰাগছসহ আটক দুজন

ৰঙিয়া,৩০ মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰক্ষীৰ । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে অসম আৰক্ষী । কামৰূপ জিলাৰ ৰঙিয়াতো উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শনিবাৰে নিশা ৰঙিয়া আৰক্ষীৰ সফল অভিযান ।

ৰঙিয়াৰ কৰিয়াৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ । নিশা কৰিয়াৰাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰিছে কেইবা লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ । লগতে এই সৰবৰাহৰে জড়িত দুজনক আটক কৰে আৰক্ষীয়ে । অৱশ্যে আৰক্ষী অহাৰ উমান লাভ কৰি পলায়ন কৰে মূল সৰবৰাহকাৰী ।

লগতে পঢ়ক: মহানগৰীৰ গড়চুকত ড্ৰাগছসহ আটক তিনি

ABOUT THE AUTHOR

...view details