অসম

assam

Short Movie on Tourist Spots: পৰ্যটকক আকৰ্ষিত কৰিবলৈ বকোত তথ্যচিত্ৰ মুকলি

By

Published : Mar 12, 2023, 10:34 PM IST

মুকলি কৰা হ'ল "এটা ৰহস্যময় যাত্ৰা: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন স্থানসমূহ অন্বেষণ কৰা" নামৰ বিশেষ তথ্যচিত্ৰখনিৰ(Short Movie on Tourist Spots) । বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সভাগৃহত শনিবাৰে দিনৰ ১১ বজাত শুভমুক্তিৰ পাছতে প্ৰদৰ্শন কৰা হয় তথ্যচিত্ৰখনিৰ(Documentary launched in Boko to attract tourists) ।

Short Movie on Tourist Spots
পৰ্যটকক আকৰ্ষিত কৰিবলৈ বকোত তথ্যচিত্ৰ মুকলি

পৰ্যটকক আকৰ্ষিত কৰিবলৈ বকোত তথ্যচিত্ৰ মুকলি

বকো,১২ মাৰ্চ:বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সভাগৃহত শনিবাৰে দিনৰ ১১ বজাত মুক্তি তথা প্ৰদৰ্শন কৰা হয় এখনি তথ্যচিত্ৰ(Documentary launched in Boko to attract tourists) । বকোৰ জে এন মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ ভাষা সাহিত্য আৰু সংবাদ মাধ্যমৰ অধ্যয়ন আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটিৰ(Short Movie on Tourist Spots) ।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্তৰ্গত ৭ টা পৰ্যটনস্থলীক সাঙুৰি "এটা ৰহস্যময় যাত্ৰা: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন স্থানসমূহ অন্বেষণ কৰা" নামৰ তথ্যচিত্ৰখনিৰ শুভমুক্তি দিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই(CEM of Rabha Hasong Autonomous Council) । এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য সুমিত ৰাভাই ।

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ তপন দত্তকে আদি কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত এই তথ্যচিত্ৰখনৰ শুভমুক্তি দিয়া হয় । আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাটো যাতে গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব পাৰে, এই উদ্দেশ্যে আগত ৰাখিয়ে এই তথ্যচিত্ৰৰ নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই(Tourist spot in Boko) ।

আগন্তুক দিনত অসম চৰকাৰৰ সহযোগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে গ্ৰাম্য পৰ্যটনৰ উন্নয়নৰ ওপৰত লক্ষ্য ৰাখি কেতবোৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰাৰ লগতে এলাহাবাদৰ ত্ৰিবেণী সংগম, দাৰ্জিলিঙৰ সূৰ্য্যোদয় তথা বৌদ্ধ, হিন্দু আদিকে বিভিন্ন ধৰ্মৰ সংগমস্থলী বুলি অভিহিত কৰি এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাতো এনেধৰণৰ পৰ্যটনস্থলী আছে বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

ইয়াৰোপৰি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ ১০ গৰাকী গাড়ীৰ চালকক পোনপ্ৰথমবাৰৰ বাবে 'স্মাৰ্ট ড্ৰাইভাৰ' ট্ৰেইন প্ৰদান কৰা হ'ব । যাতে সেই চালকজনেই গাইডৰ লেখীয়াকৈ সকলোখিনি কথা পৰ্যটকক বুজাবলৈ সক্ষম হয় । নিশ্চিতভাৱে এই তথ্যচিত্ৰৰ জৰিয়তে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন স্থানসমূহৰ প্ৰতি পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ।

লগতে পঢ়ক:Deadbody recovered in Lakhimpur: সোৱণশিৰিত নিখোজ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details