অসম

assam

75th anniversary of Indian Independence: ছয়গাঁৱৰ বনগাঁৱত কংগ্ৰেছৰ গৌৰৱময় যাত্ৰা

By

Published : Aug 11, 2022, 2:09 PM IST

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কংগ্ৰেছ দলৰ গৌৰৱময় যাত্ৰা (75th Anniversary of Indian Independence) ৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ বনগাঁৱতো উদযাপন কৰা হয় কংগ্ৰেছ দলৰ গৌৰৱময় যাত্ৰা ৷ বনগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত ছয়গাঁও আৰু গৰৈমাৰী ব্লক কংগ্ৰেছৰ কমিটীৰ সহযোগত অনুষ্ঠিত হয় এই গৌৰৱময় যাত্ৰা ৷

75th Anniversary of Indian Independence
ছয়গাঁৱৰ বনগাঁৱত কংগ্ৰেছৰ গৌৰৱময় যাত্ৰা

বকো, 11 আগষ্ট : কংগ্ৰেছ দলে আয়োজন কৰা ৭৫ সংখ্যক (75 years of Independence) স্বাধীনতাৰ গৌৰৱময় যাত্ৰা কাৰ্যসূচী বুধবাৰে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বনগাঁৱত উদযাপন কৰা হয় । এই উপলক্ষে ছয়গাঁও সমষ্টিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামপাৰাৰ পৰা উলিওৱা হয় এক বিশাল শোভাযাত্ৰা ৷ ত্ৰিৰংগা পতাকাৰে উলিওৱা এই শোভাযাত্ৰাৰ ফ্লেগ অৱ কৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ সাথেয়ে (Co-incharge Assam Pradesh Congress Prithviraj Prabhakar Sathe) ৷

ছয়গাঁৱৰ বনগাঁৱত কংগ্ৰেছৰ গৌৰৱময় যাত্ৰা

ছয়গাঁও সমষ্টিৰ বিধায়ক বিধায়ক ৰেকিবুদ্দিন আহমেদৰ (MLA Rekibuddin Ahmed) বিশেষ তৎপৰতাত উলিওৱা এই সমদল যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ প্ৰমুখ্যে কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকে ৷ শোভাযাত্ৰাৰ অন্তত বনগাঁও ৰাজীৱ ভৱন প্ৰাংগণত এখন সভা আয়োজন কৰা হয় ৷

বনগাঁও ৰাজীৱ ভৱন প্ৰাংগণত আয়োজিত সভাখনত কংগ্ৰেছ নেতৃবৃন্দ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে ৷ সভাত ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে সোধাত সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ সাথেয়ে কয় যে, এই বিষয়ে ওপৰ মহলত আলোচনা চলি আছে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই ।

লগতে পঢ়ক :75th Anniversary of Indian Independence: যোৰহাটত জিলা কংগ্ৰেছৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details