অসম

assam

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 9, 2021, 11:04 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কামৰূপত উত্তাল প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ শীঘ্ৰে মূল্যবৃদ্ধি প্ৰতিৰোধ নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

ASSU protest against price rise of essential commodities At Amingaon
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

বাইহাটা, 7 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ আকাশ লংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাবে আমিন গাঁৱত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্য সকলে । দৈনিক পেট্ৰ'ল,ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ মূল্য দৈনিক বৃদ্ধি হোৱাত এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ তথা যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মূল্যবৃদ্ধি প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা নকৰা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে ৷ অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে আছুৰ সদস্য সকলে । অতি শীঘ্ৰে যদি মূল্য বৃদ্ধি প্ৰতিৰোধ নকৰে, তেনেহ'লে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ সহাকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকা, সম্পাদক পংকজ কলিতাকে আদি কৰি ভালে সংখ্যক আছুকৰ্মী ।

সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেলকে আদি কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশ লংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাবে নলবাৰী জিলাতো কংগ্ৰেছৰ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে নলবাৰী চহৰৰ মাজ মজিয়াৰে সমদল উলিওৱাৰ উপৰিও এটা পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলৰ সৈতে কংগ্ৰেছ দলৰ বিধায়ক গৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰ্ণা দিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক-বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

ABOUT THE AUTHOR

...view details