অসম

assam

ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

By

Published : May 6, 2021, 12:51 PM IST

ৰঙিয়াৰ শিলাগুটি গাঁৱৰ মমত কুমাৰ আৰু প্ৰনৱ কলিতা নামৰ এই যুৱক দুজনে বেলিফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷ এই দুই যুৱ কৃষকে স্বাৱলম্বী হোৱাৰ লগতে গাঁওখনতো এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে ।

ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ
ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

ৰঙিয়া, 6 মে’: ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ । প্ৰায় তিনি বিঘা মাটিত বেলিফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য দুজন শিক্ষিত যুৱকৰ । ৰঙিয়াৰ শিলাগুটি গাঁৱৰ মমত কুমাৰ আৰু প্ৰনৱ কলিতা নামৰ এই যুৱক দুজনে বেলিফুলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷ এই দুই কৃষকে স্বাৱলম্বী হোৱাৰ লগতে গাঁওখনতো এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে ।

ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

এই বেলিফুলৰ খেতিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গাওঁখনলৈ সোঁত বৈছে দূৰ-দূৰণিৰ বহু লোকৰ । এই দুই যুৱ কৃষকে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজনকো উপাৰ্জনৰ পথ দেখুৱাইছে । চৰকাৰী চাকৰিৰ পিছত দৌৰি নুফুৰি কৃষিকাৰ্যত জড়িত হৈছে দুয়োগৰাকীয়ে । নিজ হাতে কামে লাগি কৃষি কাৰ্যৰ জৰিয়তে দুয়োজনে লাহে লাহে সফলতাৰ মুখ দেখিছে ।

লগতে পঢ়ক :মৰিগাঁৱত ৰাজপথত বাগৰিল গছ, যাতায়াত ব্যাহত

ABOUT THE AUTHOR

...view details