গুৱাহাটী, 3 নৱেম্বৰ:বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ (Asam Sahitya Sabha) ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া (Voting begins for Asam Sahitya Sabha Election) । বৃহস্পতিবাৰে নিৰ্বাচনৰ (Asam Sahitya Sabha Election) ভোটৰ বাকচ গুৱাহাটীৰ প্ৰধান ডাকঘৰ মেঘদূত ভৱনত (Meghdoot Bhawan in Guwahati) সংস্থাপিত কৰা হয় ।
ভোটৰ বাকচ মেঘদূত ভৱনত সংস্থাপিত কৰাৰ সময়ত অসম সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰা, নিৰ্বাচনী বিষয়া জীতেন পায়েং, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে (Assam Sahitya Sabha President Kuladhar Saikia) ধৰি অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদক পদৰ কেবাগৰাকী প্ৰাৰ্থী উপস্থিত থাকে।
মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰাই কয় যে আজিৰে পৰা অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইতিমধ্যে ২ নৱেম্বৰৰ পৰা জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ কৰা আৰম্ভ কৰা হৈছে । অহা ৫ নৱেম্বৰলৈ জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ আৰু সংগ্ৰহ কৰাৰ দিন ধার্য কৰা হৈছে । ১৩ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব ভোটদানপৰ্ব ।