অসম

assam

অইল ইণ্ডিয়া লিমিটেডক পুনৰ ভাবুকি আলফা(স্বা) ৰ

By

Published : Aug 21, 2021, 11:39 AM IST

অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যত ক্ষুদ্ধ আলফা(স্বাধীন) । থলুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনক লৈ কি দাবী উত্থাপন কৰিলে সংগঠনটোৱে । দাবী মানি নল'লে অইলৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব বুলি সকীয়নি দিলে আলফা(স্বাধীন)ই ।

ULFA threatened to take action against oil india limited
অইল ইণ্ডিয়া লিমিটেডক পুনৰ ভাবুকি দিছে আলফা(স্বাধীন)ই

গুৱাহাটী, ২১ আগষ্ট: অইল ইণ্ডিয়া লিমিটেডক পুনৰ ভাবুকি দিছে আলফা(স্বাধীন)ই । অসমৰ থলুৱা যুৱক-যুৱতীসকলক ঠিকাভিত্তিক পদৰ পৰিৱৰ্তে স্থায়ী চাকৰিত নিযুক্তি দিয়াৰ দাবী জনাইছে আলফা স্বাধীনে । অন্যথা অইল কোম্পানীটোৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে । আলফা(স্বাধীন)ই জনাইছে যে, ক'ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিলেও সংগঠনটোৰ বিপ্লৱ অব্যাহত থাকিব ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আলফা(স্বাধীন)ৰ প্ৰচাৰ সচিব কেপ্টেইন ৰুমেল অসমে উল্লেখ কৰিছে- "আমি মুকলিকৈ ক'ব বিচাৰো যে যদি তেওঁলোকে স্থানীয় যুৱক-যুৱতীসকলক স্বচ্ছভাৱে নিযুক্তি দিয়াৰ বিপৰীতে স্থানীয় বিৰোধী স্থিতি গ্ৰহণ কৰি থাকে, তেন্তে অইলৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰাৰ বাহিৰে আমাৰ ওচৰত আন কোনো বিকল্প নাথাকিব" ।

অইল ইণ্ডিয়া লিমিটেডক পুনৰ ভাবুকি দিছে আলফা(স্বাধীন)ই

আনহাতে, বিবৃতিটোত সংগঠনটোৱে চাহ সংগঠন এ পি জে আৰু চাবুৱাৰ আন কেইজনমান স্থানীয় বাসিন্দাক ২০ মাইলস্থিত ঐতিহাসিক প'ল' ফিল্ডক লৈ যিকোনো ধৰণৰ সংঘৰ্ষৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

আলফা(স্বাধীন)ই কোনো ধৰণৰ মাফিয়াৰাজ সহ্য নকৰে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ৷ বিবৃতিটোৰ জৰিয়তে আলফা(স্বাধীন)ই দাবী জনাইছে, "প'ল' ফিল্ডক খেলপথাৰ হিচাপেই থাকিবলৈ দিয়ক অথবা শাৰীৰিক আৰু মানসিক স্থিৰতা আৰু বিকাশৰ বাবে ইয়াক শিশু উদ্যান হিচাপে বিকশিত কৰক ।' তদুপৰি সংগঠনটোৱে তিনিচুকীয়া জিলাৰ পানীতোলাৰ সমীপৰ এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখন খান্দি চাহ পুলি ৰোপণৰ আয়োজন চলোৱা কাৰ্য বন্ধ কৰিবলৈও সকীয়াই দিয়ে । এই সন্দৰ্ভত সংগঠনটোৱে সতৰ্ক কৰি দি কয় যে, যদি তেওঁলোকে তৎক্ষণাৎ চাহ গছপুলি ৰোপণ বন্ধ নকৰে তেন্তে পৰিণাম ভয়ানক হ'ব ।

লগতে পঢ়ক: 100 দিনৰ খতিয়ান লৈ সংবাদমেল যোৰহাট জিলা উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details