ETV Bharat / state

100 দিনৰ খতিয়ান লৈ সংবাদমেল যোৰহাট জিলা উপায়ুক্তৰ

author img

By

Published : Aug 20, 2021, 10:58 PM IST

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সংবাদমেল ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন বিজেপি চৰকাৰৰ 100 দিনৰ খতিয়ান লৈ সংবাদমেল সম্বোধন কৰিলে যোৰহাটৰ উপায়ুক্ত গৰাকীয়ে ৷

deputy commissioner of Jorhat district
100 দিনৰ খতিয়ান লৈ সংবাদমেল যোৰহাট জিলা উপায়ুক্তৰ

যোৰহাট, 20 আগষ্ট : 100 দিন সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন বিজেপি চৰকাৰে ৷ চৰকাৰখনৰ 100 দিনৰ খতিয়ান লৈ শুকুবাৰে এক সংবাদমেল সম্বোধন কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ সংবাদমেলত উপস্থিত থাকে যোৰহাট জিলা প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া ৷

সংবাদমেলত যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীয়ে কয়, এই 100 দিনত ক'ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে বিশেষ সফলতা লাভ কৰিছে ৷ যোৰহাট জিলাৰ অধিকাংশ লোককে ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে ৷ যাৰ ফলত বৰ্তমানে যোৰহাট জিলা ৰেড জ'নৰ পৰা মুক্ত হৈছে বুলি কয় উপায়ুক্ত গৰাকীয়ে ৷

100 দিনৰ খতিয়ান লৈ সংবাদমেল যোৰহাট জিলা উপায়ুক্তৰ

ড্ৰাগছৰ বিৰুদ্ধেও যোৰহাট জিলা প্ৰশাসনে বিশেষ সফলতা লাভ কৰিছে ৷ আৰক্ষীক উৎসাহ দিয়াৰ ক্ষেত্ৰত বহু সময়ত আৰক্ষীয় বিষয়াৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ নিষিদ্ধ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে বৰ্তমানেও যোৰহাট জিলা প্ৰশাসন তৎপৰ হৈ থকাৰ লগতে বিশেষকৈ চুলাই মদৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় অশোক কুমাৰ বৰ্মনে ৷

লগতে পঢ়ক: গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস উদযাপন

লগতে উপায়ুক্ত গৰাকীয়ে কয়, থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণ, মহিলা বিশ্ববিদ্যালয়ক এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় ৰূপে গঢ় দিয়াৰ লগতে বাঘচুং পলট্ৰি ফাৰ্মখন জিয়াই ৰখা ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে ৷ যোৰহাট টাউনৰ গাখীৰৰ ব্যৱসায়ৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ৷ লগতে সৰ্বশিক্ষা মিচনৰ জৰিয়তে জিলাখনৰ অধিকাংশ বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী প্ৰয়োজনী সামগ্ৰীৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰিলে জিলা উপায়ুক্ত গৰাকীয়ে ৷

"ভাৰ্চুৱেল লাইব্ৰেৰী স্থাপন, ক'ভিড পৰিস্থিতি সৈতে মোকামিলা কৰিবলৈ ১০ খন অটো এম্বোলেঞ্চ ব্যৱস্থা কৰা হৈছে ৷ যোৰহাট জিলাৰ আৱকাৰী বিভাগৰ অভিযানত ক'ভিডৰ সময়ত কেইবা হাজাৰ লিটাৰ অবৈধ সুৰা নষ্ট কৰা হয় ৷ তদুপৰি যোৰহাট টাউনৰ জৈৱিক আৱৰ্জনাৰ ক্ষেত্ৰত ৱেষ্ট মেনেজমেন্ট(waste management)ৰ পদক্ষেপ লোৱা হৈছে ৷" সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷

লগতে পঢ়ক: গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.