অসম

assam

Jihadi in Assam: ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট

By

Published : Apr 30, 2022, 8:35 PM IST

ৰাজ্যত শিপা মেলিছে জেহাদী সংগঠনে (Jihadi in Assam)৷ ইতিমধ্যে চিনাক্ত কৰা হৈছে জেহাদীৰ তিনিটা গোট ৷ আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই কথা ৷

Jihadi in Assam
ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট

গুৱাহাটী, ৩০ এপ্ৰিল:নামনি অসমত শিপা মেলা ইছলামিক সন্ত্ৰাসবাদৰ আন কেতবোৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে (Jihadi in Assam)। ৰাজ্যত তিনিটাকৈ জেহাদীৰ মডিউল চিনাক্ত কৰা হৈছে । এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে (ADGP of Special Branch Hiren Nath)।

ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট

অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত জেহাদী সম্পৰ্কত ভালেমান গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে । তেওঁ সদৰি কৰে যে, অসমত জেহাদীৰ তিনিটাকৈ গোট পোৱা গৈছে আৰু তিনিওটাৰে যোগসূত্ৰ আছে ৷ এই তিনিওটা গোট আনচাৰুল্লাহ বাংলাৰ লগত জড়িত হৈ আছে । অসমত জেহাদ বিয়পোৱাৰ বাবে বৰপেটা জিলাক কেন্দ্ৰ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ উঠাৰ সময়তে হীৰেন নাথে প্ৰকাশ কৰিছে যে, অসম আৰু উত্তৰ-পূৱক লৈ জেহাদীৰ পৰিকল্পনা দীৰ্ঘদিনীয়া ।

দীৰ্ঘদিন ধৰি অসমত খোপনি পোতাৰ বাবে জেহাদীয়ে পৰিকল্পনা কৰি আহিছিল বুলি মন্তব্য কৰে হীৰেন নাথে (Jihadi activities in Assam)। বৰপেটাত আৰক্ষীয়ে চলোৱা অভিযানত জেহাদী সম্পৰ্কত ভালেমান তথ্য লাভ কৰিছে আৰক্ষীয়ে । অসমত জেহাদীৰ ভয়ংকৰ পৰিকল্পনা আছিল বুলি মন্তব্য কৰাৰ লগতে শেহতীয়া অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাৰ পৰাও জেহাদীৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ।

তেওঁ কয় যে ধৃত জেহাদী ইমৰাণ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত হামিদুল ইছলামৰ গেৰেজত তালাচী চলাই ৭খন পাছ বুক, জেহাদ সম্বন্ধীয় কিতাপ তথা কিছু আপত্তি নথিপত্ৰ জব্দ উদ্ধাৰ কৰা হৈছিল । ক’ৰ পৰা কেনেকৈ ধন আহিছিল এই সকলোবোৰ তদন্ত চলি আছে ।

লগতে পঢ়ক:2017-19ত আলফাত যোগদান কৰা কিমানজন উভতি আহিল মূল সুঁতিলৈ ?

ABOUT THE AUTHOR

...view details