অসম

assam

ড্ৰাগছ সেৱন আৰু যৌন সম্পৰ্কই বৃদ্ধি কৰিছে HIV ৰোগীৰ সংখ্যা

By

Published : Sep 8, 2021, 11:03 AM IST

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা ৷ পৰীক্ষাৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে পজিটিভৰ সংখ্যা বৃদ্ধি পোৱা বুলি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে(ASACS) সদৰী কৰে ৷ লগতে সমিতিয়ে কয় যে, অতিমাত্ৰা ড্ৰাগছ সেৱন আৰু যৌন সম্পৰ্কৰ ফলত পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে ৷

HIV patients increased in assam
অসমত এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি

গুৱাহাটী, 8 ছেপ্তেম্বৰ : কামৰূপ মহানগৰত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা ৷ একেটা চিৰিঞ্জেৰে ড্ৰাগছ(Drugs) গ্ৰহণ কৰাৰ বাবে বাবে বৃদ্ধি পাইছে এই আক্ৰান্তৰ সংখ্যা । ৰাজ্যৰ প্ৰতিখন জিলাতে ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে এইডছত(AIDS) আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ড্ৰাগছ সেৱনে যেন কাল হৈ পৰিছে যুৱক-যুৱতীসকলৰ বাবে ৷

অসমত এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে(ASACS) প্ৰকাশ কৰা তথ্য মতে, 6,888 গৰাকী HIV পজিটিভ ৰোগীৰে শীৰ্ষস্থানত কামৰূপ মহানগৰ, ডিব্ৰুগড়ত 1245 গৰাকী, কাছাৰত 4,609 গৰাকী, কৰিমগঞ্জত 729 গৰাকী, নগাঁৱত 811 গৰাকী, গোলাঘাটত 516 গৰাকী, শোণিতপুৰত 539 গৰাকী আৰু যোৰহাটত 654 গৰাকী ৷

লগতে পঢ়ক:ৰাজ্যজুৰি জাতীয় গৰ্জন কাৰ্যসূচী ঘোষণা অসম জাতীয় পৰিষদৰ

এইডছ নিয়ন্ত্ৰণ সমিতিৰ মতে, HIV পজিটিভ ভয়ংকৰ ৰূপত বৃদ্ধি পোৱাৰ কাৰণ হৈছে ড্ৰাগছ সেৱন আৰু যৌন সম্পৰ্ক ৷ সমিতিয়ে সদৰী কৰা মতে, 6 টা স্থানত এইডছ চিনাক্তকৰণৰ পৰীক্ষা কৰা হয় যদিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই চিনাক্তকৰণৰ বাবে তেওঁলোকে নিজাববীয়াকৈ পৰীক্ষা কৰিব ৷ পৰীক্ষাৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে বুলি সমিতিয়ে জানিবলৈ দিয়ে ।

ইফালে বিভিন্ন মাধ্যমৰ জৰিয়তে এইডছৰ ওপৰত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে এইডছ নিয়ন্ত্ৰণ সমিতিয়ে ৷

লগতে পঢ়ক:অসম ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুঁজাৰু বিমান

ABOUT THE AUTHOR

...view details