অসম

assam

Press Conference of BJP: অজিত কুমাৰ ভূঞাক খিচিৰি সাংসদ আখ্য়া বিজেপিৰ

By

Published : Feb 5, 2023, 4:23 PM IST

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ বিজেপি । তেওঁৰ সকলো কাম-কাজ ভেকোভাওনা বুলি কটাক্ষ ৰাজ্য়িক বিজেপিৰ । সাংসদ পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বিজেপিৰ (Allegation of Misuse of MP Fund )।

State BJP spokesperson react on Ajit Kumar Bhuyan
বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মা

বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মা

গুৱাহাটী ৫ ফেব্ৰুৱাৰী:ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক এগৰাকী খিচিৰি সাংসদ বুলি মন্তব্য় কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই (State BJP spokesperson react on MP) । দেওবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য় কৰে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই (Bharatiya Janata Party headquarters at Basistha)। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে সকলোৰে পৰা সহায় লৈ এতিয়া তেওঁ এগৰাকী সাংসদ হৈছে । তেওঁৰ সকলো কামকাজক ভেকোভাওনা বুলি কয় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ।

সংবাদমেলত মুখপাত্ৰগৰাকীয়ে অজিত কুমাৰ ভূঞাৰ পুঁজি কেলেংকাৰী সন্দৰ্ভত আক্ৰমণাত্মক হৈ পৰে । মুখপাত্ৰগৰাকীয়ে পুনৰ কয় ,"অজিত কুমাৰ ভূঞা এগৰাকী খিচিৰি সাংসদ (State BJP spokesperson react on Ajit Kumar Bhuyan) । তেওঁ সকলোৰে পৰা সহায় লৈ এগৰাকী সাংসদ হৈছে । তেওঁৰ বিৰুদ্ধে যি সাংসদ পুঁজি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে তেওঁ এই তদন্তক বিভিন্ন অজুহাতেৰে বিপথে পৰিচালিত কৰিছে ।" তেওঁ পুনৰ কয় যে অজিত কুমাৰ ভূঞাই তিনি দশক ধৰি নৈতিক শিক্ষা দিছে সকলোকে।

অজিত কুমাৰ ভূঞাই সাংবাদিকতা কৰি বহু নেতাৰ কেলেংকাৰীৰ প্ৰতি আঙুলি টোৱাইছিল বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে পুনৰ কয় যে সাংসদ হিচাপে সকলোৱে তেওঁৰ পৰা নিকা আৰু স্বচ্ছ কামকাজ বিচাৰিছিল । কিন্তু অজিত কুমাৰ ভূঞাই নিজৰ সাংসদ পুঁজিৰো অপব্যৱহাৰ কৰি কেলেংকাৰী কৰিছে । তাৰ পিছত আকৌ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি সম্পূৰ্ণ তদন্ত বিপথে পৰিচালিত কৰিছে ।

ইপিনে, বাল্য বিবাহ সন্দৰ্ভতো ৰাজ্য়িক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই মন্তব্য় কৰে (BJP react on child marriage)। তেওঁ বাল্য বিবাহ সন্দৰ্ভত ভূপেন বৰাই দিয়া মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখপাত্ৰগৰাকীয়ে কয় "ভূপেন বৰাই বাল্য বিবাহক সমৰ্থন কৰে । তেওঁ এগৰাকী অন্ধবিশ্বাসী আৰু কুসংস্কাৰী ব্যক্তি । অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ভিতৰতহে কাম কৰে । এই সামান্য কথাও নাজানে ভূপেন বৰাই ।" বৰ্তমান অসমৰ বিৰোধী দলৰ নেতাৰ মানসিকতা নিকৃষ্ট বুলি মন্তব্য় কৰে মুখপাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক:BJP press conference on child marriage: বাল্যবিবাহৰ বিৰুদ্ধে চলা আৰক্ষীৰ অভিযানক সমৰ্থন ৰাজ্যিক বিজেপিৰ

ABOUT THE AUTHOR

...view details