অসম

assam

Special TET pass teachers hold protest: আত্মজাহৰ হুংকাৰ বিশেষ টেট উৰ্ত্তীণ ৬৬৭ গৰাকী প্ৰার্থীৰ

By

Published : May 4, 2023, 11:06 PM IST

বিশেষ টেট উৰ্ত্তীণ ৬৬৭ গৰাকী প্ৰার্থীক নিযুক্তি প্ৰদানৰ দাবীত সৰ্বশিক্ষা মিছনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ ৷ প্ৰতিশ্ৰুতি দিয়া কথা নাৰাখিলে আগন্তুক নিযুক্তিৰ দিনাই বিশেষ টেট উৰ্ত্তীণই ল’ব এই ভয়ংকৰ পদক্ষেপ (Special TET pass teachers hold protest) ৷

special tet pass teachers hold protest in guwahati
বিশেষ টেট উত্তীৰ্ণ প্ৰার্থী

বিশেষ টেট উত্তীৰ্ণ প্ৰার্থী

গুৱাহাটী, ৪ মে’: ২০২১ ৰ বিশেষ টেট উৰ্ত্তীণ ৬৬৭ গৰাকী প্ৰার্থীক চৰকাৰে নিযুক্তি প্ৰদানৰ দাবী তুলি সৰ্বশিক্ষা মিছনৰ মুখ্য কাৰ্যালয় চৌহদ উত্তাল কৰিলে নিযুক্তিৰ পৰা বঞ্চিত বিশেষ টেট উত্তীৰ্ণ প্ৰার্থীসকলে । বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণাৰ কৰাৰ অভিযোগ তুলি দিনৰ প্ৰায় ১১.৩০ বজাত কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন প্ৰতিবাদী শ্ল’গানৰে প্ৰার্থী সকলে পৰিস্থিতি উত্তাল কৰি তোলে (special TET pass teachers hold protest in Guwahati) ।

বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে সহস্ৰ আৰক্ষী বাহিনীয়ে প্ৰতিবাদী কাৰ্যসূচীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে । ইয়াৰ ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হেঁচা ঠেলা আৰু টনা আঁজোৰাৰ সৃষ্টি হয় । প্ৰতিবাদী সকলৰ ওপৰত আৰক্ষীয়ে বাধা প্ৰয়োগ কৰাৰ সময়তে ঠেলা হেঁচাত ইউনুছ আলী, মুক্তাৰুল আলম শেখ, উষা বৰ্মন আৰু পল্লব গগৈ নামৰ চাৰিগৰাকী প্ৰতিবাদকাৰীয়ে হাত আৰু ভৰিত গুৰুতৰ ভাৱে আঘাত পায় । ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলক সহস্ৰ আৰক্ষীয়ে টানি চোঁচৰাই আটক কৰি বাছত ভৰাই চচলৰ ধৰ্ণা স্থলীলৈ লৈ যায় । আৰক্ষীৰ এনে বৰ্বৰতাক গৰিহণা দি প্ৰতিবাদকাৰী সকলে চচলটো অব্যাহত ৰাখে প্ৰতিবাদী কাৰ্যসূচী (protest by special TET pass teachers) ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম টেট উৰ্ত্তীণ সন্থাৰ সভাপতি গণেশ বৈষ্ণৱ, উপসভাপতি আহমেদ আলী যে কয় যে, অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ঠিকাভিত্তিক অতি কম মাননিত কাম কৰা ১৪,৫৭৫ গৰাকী ইউনিক আই ডি প্ৰাপ্ত প্ৰাৰ্থীৰ বাবে ২০২১ চনৰ ৩ অক্টোবৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি ৩ নৱেম্বৰ ত ইয়াৰ ফলাফল ঘোষণা কৰিছিল । য'ত ১৪,৫৭৫ জন ৰ ভিতৰত কেৱল ৬৬৭ গৰাকী প্ৰার্থীহে উত্তীর্ণ হ'বলৈ সক্ষম হৈছিল (special TET pass teachers) । কিন্তু দুখৰ কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ টেট অনুষ্ঠিত কৰি পিছদিনাই নিযুক্তি দিম বুলি কোৱাৰ আজি ডেৰ বছৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু আজিলৈ চৰকাৰৰ ফালৰ পৰা কোনো ইতিবাচক সঁহাৰি লাভ নকৰিলে এই বিশেষ টেট উত্তীৰ্ণ প্ৰার্থীসকলে ।

বিহাৰ, ত্ৰিপুৰাৰ দৰে ৰাজ্যত যদি সৰ্বশিক্ষা অভিযানত কৰ্মৰত কৰ্মী সকলক নিযুক্তি দিব পাৰে তেন্তে আমাক দিব নোৱাৰাৰ কাৰণ কি থাকিব পাৰে বুলি মুখ্যমন্ত্ৰীলৈ প্ৰশ্নবাণ এৰিছে সকলোৱে । আনহাতে একলাখ নিযুক্তি দি নিৰ্বাচনী ইস্তাহাৰাত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ যোৱা চৰকাৰখনে একেই নিৰ্বাচনী ইস্তাহাৰত নিযুক্তিৰ ক্ষেত্ৰত বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলকক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰাৰ পিছতো আজি পর্যন্ত বিশেষ টেট উত্তীর্ণ শিক্ষক প্ৰার্থীসকল নিযুক্তিৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাটো দুৰ্ভাগ্য জনক বুলি ব্যক্ত কৰে সকলোৱে ।

চৰকাৰে যদি বিশেষ টেট উত্তীর্ণ প্ৰার্থীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত নিযুক্তিৰ পৰা বঞ্চিত ৬৬৭ জন বিশেষ টেট উত্তীর্ণ প্ৰার্থীয়ে ব্ৰহ্মপুত্ৰত আত্মজাহ দিবলৈ বাধ্য হ’ব বুলি চৰকাৰক তেওঁলোকে চৰম সকীয়নি দিয়ে প্ৰতিবাদস্থলীৰ পৰা ।

লগতে পঢ়ক :AHSEC New Syllabus : শিক্ষাবর্ষ আৰম্ভৰ পাছত পাঠ্যক্রম সলনিক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া

ABOUT THE AUTHOR

...view details