অসম

assam

শীতৰ এই সময়চোৱাত কমলা ৰসেৰে ল'ব পাৰিব ছালৰ যতন

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:42 AM IST

শীতকালত আৰ্দ্ৰতাৰ অভাৱত ছালৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে । শীতৰ সময়চোৱাত শৰীৰ ছাল অত্যন্ত ৰূক্ষ হৈ পৰে আৰু এলাৰ্জীৰ দৰে ছালৰ লগত জড়িত সমস্যাবোৰ বাঢ়িবলৈ আৰম্ভ কৰে । এই সময়চোৱাত কেনেদৰে ছালখন নিমজ আৰু উজ্জ্বল কৰি ৰাখিব পাৰি, এই সম্পৰ্কে জানো আহক সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্তৰ পৰা...

Skin related problems in winter
শীতৰ এই সময়চোৱাত কমলা ৰসেৰে ল'ব পাৰিব ছালৰ যতন

সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্ত

গুৱাহাটী, ৩০ নৱেম্বৰ: শীতৰ এই সময়চোৱাত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে । তাৰে ভিতৰৰ এটা সমস্যা হৈছে এই সময়চোৱাত কেতিয়াবা ছালখন টানি টানি ধৰা যেন অনুভৱ হয় । জলবায়ুত আৰ্দ্ৰতা কম থকাৰ বাবে আৰু বতাহৰ বাবে ছালখন শুকান হৈ যায় । বিশেষকৈ যিসকলৰ ছাল শুকান তেওঁলোকৰ এই সময়চোৱাত বহু সমস্যাই দেখা দিয়ে ।

শীতৰ এই সময়চোৱাত কিদৰে আপোনাৰ ছালখন নিমজ আৰু উজ্জ্বল কৰি ৰাখিব এই বিষয়ে জনালে সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্তই ৷ মহন্তই শীতৰ এই সময়চোৱাত ছালৰ আৰ্দ্ৰতা কমি অহাৰ ফলত ছালখন অনুজ্জ্বল আৰু শেঁতা পৰাৰ ফলত সৌন্দৰ্য হানি হোৱা কথা ব্যক্ত কৰে ৷ তেওঁ লগতে এই সমস্য়াৰ পৰা হাত সাৰিবলৈ এক ঘৰুৱা উপকৰণৰ বিষয়ে উল্লেখ কৰে ৷ এই পদ্ধতিৰে ছালখন নিমজ আৰু উজ্জ্বল কৰি ৰাখিব পৰাৰ কথা উল্লেখ কৰে সৌন্দৰ্য বিশেষজ্ঞগৰাকীয়ে ৷

সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্তই উল্লেখ কৰা এই উপকৰণৰ বাবে লাগিব চাৰি চামুচ কমলাৰ ৰস, দুচামুচ গাখীৰৰ শৰ আৰু এচামুচ মৌ । এই গোটেইখিনি সামগ্ৰী প্ৰথমে ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগিব । তাৰ পিছত এই মিশ্ৰণটো ভালদৰে কপাহেৰে মুখ আৰু ডিঙিৰ ছালত লগাব । এনেদৰে ১৫ মিনিট সময় ৰাখি ভালদৰে মুখখন ধুই দিব । এনেদৰে সপ্তাহত দুবাৰকৈ ব্যৱহাৰৰ কৰিলে ছালৰ শুকান ভাৱটো নোহোৱা হ'ব ।

শীতকালৰ এই সময়চোৱাত বজাৰত কমলা যথেষ্ট পৰিমাণে উপলব্ধ হয় । কমলাত 'ভিটামিন চি' থাকে সেয়ে এই সময়চোৱাত প্ৰত্যেকেই দুগিলাচকৈ কমলাৰ ৰস খাব লাগে । ইফালে গাখীৰৰ শৰত ছালখন শুকানভাৱ নাইকীয়া কৰাৰ গুণ থাকে আৰু মৌয়ে ছালখন আৰ্দ্ৰতা পূৰণ কৰাৰ লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে । বহু সময়ত বিভিন্ন কাৰণত ছালৰ চানবাৰ্ণ হোৱাও দেখা যায় । এই মিশ্ৰণটো ব্যৱহাৰ কৰাৰ ফলত ছালৰ চানবাৰ্ণৰ সমস্যাও নোহোৱা হ'ব ।

লগতে পঢ়ক:এই ৫টা কাৰণত শীতকালত খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক আমলখি

ABOUT THE AUTHOR

...view details