অসম

assam

TMC reacts over Budget : এইবাৰৰ বাজেট ২০২৪ৰ নিৰ্বাচনকেন্দ্ৰিক : ৰিপুণ বৰা

By

Published : Mar 17, 2023, 8:51 PM IST

গুৱাহাটীত অনুষ্ঠিত হৈছে তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণ শিবিৰ । চৰকাৰৰ শেহতীয়া বাজেটক লৈ ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া (Ripun Bora reaction on Assam Budget 2023)। তেওঁৰ মতে এয়া নিৰ্বাচনকেন্দ্ৰিক বাজেট । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো চৰকাৰক তীব্ৰ সমালোচনা ৰিপুণ বৰাৰ ।

TMC reacts over Budget
এইবাৰৰ বাজেট ২০২৪ৰ নিৰ্বাচনকেন্দ্ৰিক

এইবাৰৰ বাজেট ২০২৪ৰ নিৰ্বাচনকেন্দ্ৰিক

গুৱাহাটী, ১৭ মাৰ্চ :গুৱাহাটীৰ ৰুক্মিণী নগৰত বৃহস্পতিবাৰে অসম তৃণমূল কংগ্ৰেছৰ প্ৰথমখন মাণ্ডলিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় (TMC zonal training in Guwahati)। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ এয়া এক নতুন ৰণনীতি বুলি উল্লেখ কৰে তৃণমূল কংগ্ৰেছে । প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, দিলীপ শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী দলীয় নেতা কৰ্মী । অনুষ্ঠানৰ অন্তত দলৰ সভাপতিগৰাকীয়ে ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত দলৰ সভাপতিগৰাকীয়ে কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য কৰা দেখা যায় । সভাপতিগৰাকীয়ে কয় যে ২০২৩-২৪ বিত্ত বৰ্ষৰ বাজেটত ১,৪৯,০০০ কোটি টকা মুঠ আউটলেট (Ripun Bora reacts over budget 2023)। এই বাজেটখন লোকসভা নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে বিভিন্ন বিভাগৰ পৰা ৰাজহ আহিব মাত্ৰ ৪১ কোটি টকা । ৩১ মাৰ্চলৈকে ২০২২-২৩ বৰ্ষৰ বাজেটখন আছে, যাৰ মাত্ৰ ৬৪ শতাংশ খৰছ হৈছে ।

বাকী খৰছ কেতিয়া কৰিব বুলি ৰিপুণ বৰাই প্ৰশ্ন কৰে । ১ লাখ নিবনুৱাক চাকৰি দিম বুলি এতিয়ালৈ ৪০,০০০ হে দিছে । অহা বছৰত আৰু ৪০ হাজাৰক দিম বুলি কৈছে চৰকাৰে । তেওঁৰ মতে মুঠতে গোটেইবোৰ ভুৱা বাজেট । তেওঁৰ মতে এটা বিত্তীয় বৰ্ষ পাৰ হৈ গ'ল । মানে ২ বছৰত ৮০ হাজাৰক হে চাকৰি দিব চৰকাৰে । লগতে সভাপতিগৰাকীয়ে ৰাজ্যৰ মূল্যবৃদ্ধি সম্পৰ্কে মতামত আগবঢ়ায় (TMC reacts on Assam Budget 2023)।

অসম চৰকাৰে নতুন ঔদ্যোগিক নীতি উল্লেখ কৰা নাই, এটা শব্দও বাজেটখনত নতুন উদ্যোগ প্ৰতিষ্ঠা কৰাৰ বাবে উল্লেখ কৰা নাই । তেওঁৰ মতে কেন্দ্ৰৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে এইখন বাজেট । খাৰুৱা তেলৰ মূল্য বাজেটত ৰিভাইছড নাই কৰা । কেন্দ্ৰই দিব লগা খিনিয়ে নাই দিয়া । তেওঁৰ অভিযোগ জিডিপিক মেনিপুলেট কৰি বেছি দেখুৱাই ঋণৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰিছে চৰকাৰে (Ripun Bora slams Govt)।

ৰিপুণ বৰাৰ অভিযোগ এইখন এখন ধাপ্পা বাজি বাজেট, পাল মৰা বাজেট । তেওঁ দাবী কৰা মতে অসমৰ ৰাইজক একো সকাহ দিব নোৱাৰে এই বাজেটখনে । এই বাজেট খনৰ আগতেই চৰকাৰে বিত্তীয় জৰীপ নকৰিলে ।

যোৱা বছৰ বাজেটৰ তুলনাত সংখ্যালঘু, চাহ জনজাতি, শিক্ষা বিভাগত ধন কৰ্তন কৰা হৈছে । ২০২৪ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এইবাৰৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে বুলি ৰিপুণ বৰাই দাবী কৰে (Assam Budget 2023)। লগতে ৰিপুণ বৰাই শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো চৰকাৰক সমালোচনা কৰে । একেজন ব্যক্তিকে ছেবাৰ অধ্যক্ষ পদত ৰখা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ৰিপুণ বৰাই । তেওঁৰ মতে ইয়াৰ কিবা ভিতৰি এজেণ্ডা থাকিব পাৰে ।

লগতে পঢ়ক :Local gamocha of Assam: বহিৰাগত গামোচা পৰীক্ষাৰ বাবে অসমত নাই পৰীক্ষাগাৰ, মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম

ABOUT THE AUTHOR

...view details