অসম

assam

Kidney transplantation and dialysis: আয়ুষ্মান ভাৰত কাৰ্ড থকা সকললৈ বিনামূলীয়াকৈ বৃক্ক সংৰোপণ তথা ডায়লাইচিছৰ সুযোগ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:01 PM IST

press meet on Kidney transplantation and dialysis at Marwari hospital
বৃক্ক সংৰোপণ আৰু ডায়লাইচিছৰ সন্দৰ্ভত সংবাদ মেল

মহানগৰীৰ মাৰোৱাৰী হাস্পতালত বৃক্ক বিকল হোৱাৰ কাৰণ, বৃক্ক বিকল হোৱা ফলত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে সংবাদমেল সম্বোধন কৰে মাৰোৱাৰী হাস্পতাল কৰ্তৃপক্ষই ।

বৃক্ক সংৰোপণ আৰু ডায়লাইচিছৰ সন্দৰ্ভত সংবাদ মেল

গুৱাহাটী, 11 অক্টোবৰ: মঙলবাৰে মহানগৰীৰ মাৰোৱাৰী হাস্পতালত অনুষ্ঠিত হয় বৃক্ক সংৰোপণ সন্দৰ্ভত সংবাদমেল । উক্ত সংবাদমেলত উপস্থিত থাকে মাৰোৱাৰী হাস্পতালৰ অধীক্ষক ৰোহিত উপাধ্যায়, ভেলোৰৰ পৰা আমন্ত্ৰিত অতিথি ড০ চি কে জেকবকে ধৰি বহু কেইজন অভিজ্ঞ চিকিৎসক । জনসাধাৰণক বৃক্ক বিকল হোৱাৰ কাৰণ, বৃক্ক বিকল হোৱাৰ ফলত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় উক্ত সংবাদমেলখন ।

সংবাদমেলযোগে বৃক্ক বিকলৰ সন্দৰ্ভত মন্তব্য কৰি চিকিৎসক ড০ চি কে জেকবে কয়, " ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ বাবে মানৱ দেহত বৃক্ক বিকল হৈ পৰে । এই ৰোগৰ পৰা নিৰাময়ৰ উপায় সমূহ হৈছে বৃক্ক সংৰোপণ আৰু ডায়েলাইচিছ । বৰ্তমান দেশৰ 250 টা কেন্দ্ৰত প্ৰায় 25 পৰা 30 হাজাৰ পৰ্যন্ত বৃক্ক বিকল ৰোগীৰ দেহত বৃক্ক সংৰোপণ সফলভাৱে সম্পন্ন হৈছে । ইয়াৰোপৰি ধুম্ৰপান অধিক সেৱনৰ ফলতো কম সময়তে বৃক্ক বিকল হোৱাৰ সম্ভাৱনা থাকে ।"

উল্লেখযোগ্য যে, মগজু, হৃদপিণ্ড আদিৰ দৰে বৃক্কও মানৱ দেহৰ বাবে অতি গুৰুত্বপূৰ্ণ অংগ । প্ৰতিজন ব্যক্তিৰে দুটাকৈ বৃক্ক থাকে । বৃক্কই আমাৰ শৰীৰৰ তেজ শোধন কৰি তেজত থকা লৱণৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰখাৰ উপৰিও শৰীৰৰ পৰা বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ প্ৰেচাৱৰ লগত বাহিৰ কৰে‌ । বৃক্ক বিকল হৈ মানুহৰ মৃত্যুও ঘটে ।

উক্ত সংবাদমেল যোগে আয়ুষ্মান ভাৰত কাৰ্ড থকাসকলৰ বাবে বৃক্ক সংৰোপণ তথা ডায়লাইচিছৰ বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা প্ৰদানৰ কথাও ঘোষণা কৰে মাৰোৱাৰী হাস্পতাল কৰ্তৃপক্ষই ।

লগতে পঢ়ক:Assam CM wife Land Controversy: মাটি ক্ৰয় নকৰে, কাৰ্বি পাহাৰৰ পৰ্যটন ক্ষেত্ৰলৈহে সহযোগিতা আগবঢ়াব মুখ‍্যমন্ত্ৰী পত্নীয়ে

ABOUT THE AUTHOR

...view details