অসম

assam

Karbi Anglong politics: মুখ্যমন্ত্ৰীৰ ২৫০৩ কোটিৰ আধাৰশিলা বনাম ডিফুৰ ৰাজীৱ ভৱনত বিজেপি নেতাৰ বাবে ৰঙা দলিচা

By

Published : May 4, 2023, 7:17 PM IST

Updated : May 4, 2023, 7:32 PM IST

কোন দিশে কাৰ্বি পাহাৰৰ ৰাজনীতি ? এফালে মুখ্যমন্ত্ৰীৰ ২৫০৩ কোটিৰ আধাৰশিলা, আনফালে ডিফুৰ ৰাজীৱ ভৱনত বিজেপি নেতাৰ যোগদানৰ বাবে পাৰিছে ৰঙা দলিচা ৷ অত্যধিক তুলিৰাম প্ৰীতিয়ে কাৰ্বি আংলঙত প্ৰত্যাহ্বান মাতিলে নেকি বিজেপিলৈ (Political scenario of Karbi Anglong) ?

Karbi Anglong politics
Karbi Anglong politics

গুৱাহাটী, ৪ মে’ : কাৰ্বি আংলঙৰ ৰাজনীতিয়ে শেহতীয়াভাৱে নতুন মোৰ পৰিগ্ৰহণ কৰিছে ৷ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী চিইএম তুলিৰাম ৰংহাঙৰ (CEM Tuliram Ronghang) একনায়কত্ববাদ আৰু বিজেপিৰ অত্যধিক তুলিৰাম প্ৰীতিয়ে বিজেপিলৈ প্ৰত্যাহ্বান মাতিছে কাৰ্বি আংলঙত ৷

এফালে আজি অৰ্থাৎ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছে মুঠ ২৫০৩.৯১ কোটি টকাৰ প্ৰকল্পৰ (Development project of Karbi Anglong) ৷ আনফালে বিজেপি এৰি ৫ মে’ত কংগ্ৰেছত যোগ দিব বিজেপিৰ প্ৰভাৱশালী প্ৰাক্তন বিধায়কে ৷ কংগ্ৰেছত যোগ দিয়াৰ বাবে যোগাযোগ চলাইছে বিজেপি সাংসদকে ধৰি কাৰ্বি পাহাৰৰ ভালেকেইগৰাকী প্ৰভাৱশালী নেতাই ৷

মুখ্যমন্ত্ৰীৰ কাষত ঘনিষ্ঠ তুলিৰাম ৰংহাং

আনকি বৃহস্পতিবাৰে তাৰালংছ’ৰ বিশাল আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে একেখন মঞ্চতে দেখা পোৱা স্বায়ত্তশাসিত জিলা সমষ্টিৰ BJP ৰ সাংসদেও কংগ্ৰেছৰে যোগাযোগ কৰাৰ কথাও চৰ্চালৈ আহিছে (Himanta Biswa in Diphu) ৷

‘‘কাৰ্বি আংলঙত বিকাশ আৰু প্ৰগতিৰ নৱ দিগন্ত’ নামেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিফুৰ তাৰালাংছ’ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ২৫০৩.৯১ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে বৃহস্পতিবাৰে দুপৰীয়া ৷ পথ উন্নয়নৰ পৰা আৰম্ভ কৰি ১২৪ টা আদৰ্শ অংগনাবাড়ী কেন্দ্ৰ, স্বাস্থ্য খণ্ডৰ নিৰ্মাণ কাৰ্য, বিভিন্ন কিট বিতৰণ আদি সামৰি লৈছে এই বিশাল ধনৰাশিৰ আঁচনিৰ জড়িয়তে ৷

কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ আধাৰশিলা স্থাপন

আনহাতে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ডিফুত কংগ্ৰেছৰ ৰাজীৱ ভৱনত বিজেপি নেতাক আদৰণি জনাবলৈ চূণ-তেল ঘঁহি সাজু হৈছে কংগ্ৰেছ নেতৃত্ব ৷ কাৰণ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ ঠিক এদিনৰ পাচতে শুকুৰবাৰে কংগ্ৰেছত যোগ দিব কাৰ্বি পাহাৰৰ প্ৰভাৱশালী বিজেপি নেতা জয়ৰাম ইংলেঙে (Joyram Engleng quits BJP) ৷ ইতিমধ্যে বিজেপিৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে কাৰ্বি পাহাৰত প্ৰথম বিজেপিৰ জয়ৰ ধ্বজা উৰুওৱা জয়ৰাম ইংলেঙে (Joyram Engleng) ৷ কংগ্ৰেছৰ দখলত থকা কাৰ্বি পাহাৰত পদুম ফুলোৱাত বিশেষ কৃতিত্ব আছে জয়ৰাম ইংলেঙৰ (Joyram Engleng to join Congress)৷

জয়ৰাম ইংলেঙৰ পিছে পিছে জিলাখনত আন কেইবাগৰাকীও জ্যেষ্ঠ বিজেপিৰ নেতাই দলত্যাগ কৰি কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈছে বুলি গৰম চৰ্চা হৈছে কাৰ্বি আংলঙৰ ৰাজনীতিত ৷ বিজেপি এৰি কংগ্ৰেছলৈ যাবলৈ সাজু বুলি চৰ্চিতৰ ভিতৰত লংকী ফাংচ’, ডাঃ মান সিং ৰংপী, জগত সিং ইংতি, ভূপেন হান্সু আদিৰ নাম উচ্ছাৰিত হৈছে ৷ আনকি স্বায়ত্তশাসিত জিলা সমষ্টিৰ বিজেপি সাংসদ হৰেন সিং বে’ৰ নামো উচ্ছাৰিত হৈছে ৷

কিন্তু কাৰ্বি আংলঙত কিয় বিজেপি এৰি কংগ্ৰেছত যোগ দিবৰ বাবে সাজু হৈছে একাংশ বিজেপি জ্যেষ্ঠ নেতা ? ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল তুলিৰাম ৰংহাঙৰ সৰ্বত্ৰ প্ৰভাৱ আৰু অখণ্ড প্ৰতাপ ৷ দল আৰু স্বায়ত্তশাসিত পৰিষদত চিইএম তুলিৰাম ৰংহাঙে যি কয় তাকেই হয় ৷ জয়ৰাম ইংলেঙে ২০১৪ চনত বিজেপিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল যদিও ২০১৬ ৰ বিধান সভা নিৰ্বাচনত কাৰ্বি আংলঙৰ হাওৰাঘাটৰ পৰা বিধায়ক ৰূপে বিজেপিৰ পৰা জয়ী হৈছিল ৷

ইয়াৰ বিপৰীতে ২০১৭ চনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে বিজেপিত যোগ দিয়াৰ পিচতে জয়ৰাম ইংলেঙেৰে তুলিৰাম ৰংহাঙৰ সংঘাত আৰম্ভ হয় ৷ আনকি ২০২১ ৰ বিধানসভা নিৰ্বাচনত টিকট লাভ কৰিবলৈয়ে সক্ষম নহ’ল জয়ৰামে ৷ তাৰ পিচতেই তুংগত উঠে তুলিৰাম ৰংহাং আৰু জয়ৰাম ইংলেঙৰ সংঘাত ৷

কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক্ৰমাৎ দলৰ ভিতৰ চ’ৰাত অপ্ৰাসংগিক কৰি তোলে জয়ৰাম ইংলেঙক ৷ কেৱল জয়ৰাম ইংলেঙেই নহয় তুলিৰাম ৰংহাঙৰ ভূমিকাত অসন্তুষ্ট হৈ পৰে কাৰ্বি আংলঙৰ কেইবাগৰাকীও পৰিষদৰ ইএমকে আন কেইবাগৰাকীও নেতা ৷ সকলোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰিয়ভাজন তুলিৰামক এসেকা দিবলৈ সাজু হৈছে ৷

তাৰে প্ৰথমটো পদক্ষেপ ৰূপে জয়ৰাম ইংলেঙৰ কংগ্ৰেছত যোগদান পৰ্ব ৷ লোকসভা নিৰ্বাচনলৈ মাজত এবছৰতকৈয়ো কম সময় আছে ৷ গতিকে স্বাভাৱিকতেই কাৰ্বি পাহাৰৰ ৰাজনীতিয়ে পৰৱৰ্তী মাহকেইটাত কি ৰূপ লয় সেয়া হ’ব লক্ষণীয় ৷ কিন্তু এতিয়া কাৰ্বি আংলঙত চৰ্চিত হৈছে এই ৰাজনৈতিক প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পাবলৈকে কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ নেতৃত্বত জয়ৰাম ইংলেঙৰ কংগ্ৰেছত পদাৰ্পণৰ আগদিনা মুখ্যমন্ত্ৰীৰ উপস্থিতিত ইমান বিশাল চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

প্ৰশ্ন উঠিছে, জয়ৰাম ইংলেঙৰ কংগ্ৰেছত যোগদান প্ৰসংগ তল পেলাই জিলাখনত বিজেপিক ধৰি ৰখা আৰু তুলিৰামক উদ্ধাৰৰ বাবেই কাৰ্বি আংলঙত ২৫০৩.৯১ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠান নেকি ?

লগতে পঢ়ক:Abdur Rashid Mandal: বিজেপিক প্ৰতিৰোধ কৰিবলৈ হ’লে মুছলিম সাম্প্ৰদায়িকতাবাদ ত্যাগ কৰিব লাগিব; কিয় ক’লে কংগ্ৰেছ বিধায়কে ?

Last Updated : May 4, 2023, 7:32 PM IST

ABOUT THE AUTHOR

...view details