গুৱাহাটী, ৩১ মে': "এটা বছৰৰ ভিতৰত গণি গণি এক লাখ ল'ৰা-ছোৱালীক চাকৰি দিম" । মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই এই ঘোষণা কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই । সেই অনুসৰি, নতুন নিযুক্তিৰ সমস্ত বিষয়টো চোৱাচিতাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত গঠন কৰি দিয়া হৈছিল এখন উচ্চস্তৰীয় সমিতি ।
এতিয়া সেই সমিতি তৎপৰ হৈ পৰিছে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ । প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে উক্ত উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষা অজন্তা নেওগে প্ৰতিটো বিভাগত কিমান সংখ্যক পদ খালি হৈ আছে তাৰ তথ্য বিচাৰি বিভাগসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে ।
আনহাতে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত বিভিন্ন বিভাগত প্ৰায় ১৫ হাজাৰ নতুন নিযুক্তিৰ বাবে আবেদন সংগ্ৰহ কৰা হৈছিল যদিও সেই বিভাগসমূহত কোনোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল ।