অসম

assam

Silsako Eviction Drive: শিলসাঁকোৰ চৰকাৰী ভূমি বিক্ৰী কৰা অভিযোগত এটা দালালক গ্ৰেপ্তাৰ

By

Published : Mar 3, 2023, 10:14 PM IST

শিলাসাঁকোৰ চৰকাৰী ভূমি বিক্ৰী কৰা দালাল চক্ৰৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান (Massive eviction drive at Silsako) ৷ GMDAৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাইছে অভিযান ৷ ইতিমধ্যেই আৰক্ষীয়ে পৰেশ দাস নামৰ এটা দালালক গ্ৰেপ্তাৰ কৰিছে ৷

Silsako Eviction Drive
শিলসাঁকোৰ চৰকাৰী ভূমি বিক্ৰী কৰা এটা দালালক গ্ৰেপ্তাৰ

শিলসাঁকোৰ চৰকাৰী ভূমি বিক্ৰী কৰা এটা দালালক গ্ৰেপ্তাৰ

গুৱাহাটী, 3 মাৰ্চ: মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ । গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলা প্ৰশাসনে শিলসাঁকো বিলত চলোৱা উচ্ছেদ অভিযানৰ পাচত উচ্ছেদিত বহুলোকে একাংশ মাটিৰ দালালৰ পৰা ভূমি ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ এই কথা পোহৰলৈ অহাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিলসাঁকোৰ ভূমি ক্ৰয়-বিক্ৰয় কৰা দালালৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান (Operation against land broker)।

শিলসাঁকোৰ লগতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমি জলিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এটা মাটিৰ দলালক । ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই (GMDA) শিলসাঁকোৰ মাটি বেদখল কৰি বিক্ৰী কৰা এনে মাটিৰ দালালৰ তালিকা প্ৰস্তুত কৰি থানাই থানাই দাখিল কৰিছে । এনে অভিযোগৰ ভিত্তিতেই শিলসাঁকোৰ লগতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমি জলিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ সাতগাঁও দলবাৰী অঞ্চলৰ পৰেশ দাস নামৰ দালালটোক (Broker at Silsako beel) ৷

চন্দ্ৰপুৰ-সোণাপুৰ অঞ্চলত দুটাকৈ ইটা ভাটা, পাথৰ কুঁৱেৰী অঞ্চলত গেছ এজেঞ্চীৰ লগতে হোটেলৰ ব্যৱসায়ত জড়িত পৰেশ দাসৰ বিৰুদ্ধে চৰকাৰী ভূমি জলিয়তিৰে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল । এই সন্দৰ্ভত GMDA ৰ সচিব তথা এ চি এছ বিষয়া মনালি জৈনে সাতগাঁও আৰু নুনমাটি থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰেশ দাসক (Land broker Paresh Das arrested) ।

ইতিমধ্যে আৰক্ষীয়ে পৰেশ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 120 (B) 420/ 468/ 471/184 ধাৰাৰ অধীনত 67/23 নম্বৰত নুনমাটি থানাত আৰু ভাৰতীয় দণ্ড বিধিৰ 120 (B) 420/ 468/ 471/184 ধাৰাৰ অধীনত 49/23 নম্বৰত সাতগাঁও থানাত গোচৰ পঞ্জীয়ন কৰিছে । সাতগাঁও আৰক্ষী আৰু নুনমাটি আৰক্ষী থানাত পৃথকে পৃথকে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ ।

ইফালে, আৰক্ষীয়ে পৰেশ দাসক শুকুৰবাৰে CJM আদালতত হাজিৰ কৰে । ইয়াৰ পাচতে অভিযুক্ত পৰেশ দাসক চাৰি দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিন্মাত লয় ৷ কিন্তু পৰেশ দাসে মাটিৰ দালালিৰ লগত জড়িত নহয় বুলি চাফাই দিছে সংবাদমাধ্যমৰ আগত ৷

লক্ষ্যনীয়ভাৱে, শিলসাঁকোৰ অন্তৰ্গত উন্নয়ন সমিতিসমূহৰ সৈতে বৃহস্পতিবাৰে দিনৰ 11 বজাত জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে শিলসাঁকো বিল সংৰক্ষণ তথা উচ্ছেদিত লোকক পুনৰ সংস্থাপন আদি বিষয় সন্দৰ্ভত অনুষ্ঠিত হোৱা বৈঠকতো উপস্থিত আছিল পৰেশ দাস । সাতগাঁও উন্নয়ন সমিতিৰ পৰা সেই বৈঠকখনত প্ৰতিনিধিত্ব কৰিছিল পৰেশ দাসে ৷ কিন্তু সেই পৰেশ দাসকেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত আৰু বহু ৰৌ, বৰালি পৰাৰো সম্ভাৱনা আছে (Operation against land broker) ।

লগতে পঢ়ক:Eviction in Silsako Beel: শিলসাঁকোৰ ভূমি দখল সন্দৰ্ভত কংগ্ৰেছৰ গাত দোষ জাপি নিষ্কণ্টক হ’ব খুজিছে নেকি ড৹ শৰ্মা !

ABOUT THE AUTHOR

...view details