অসম

assam

Assam Assembly Winter Session: অসম চুক্তিৰ নামত ৰাইজক প্ৰতাৰণা বিজেপিৰ: বিধায়ক কমলাক্ষৰ অভিযোগ

By

Published : Dec 21, 2022, 8:18 PM IST

অসম চুক্তি ৰূপায়ণৰ নামত বিজেপি চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰি আহিছে (Assam Accord) । এই অভিযোগ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ ।

Kamalakhya Dey
Kamalakhya Dey

চৰকাৰখনে খিলঞ্জীয়াৰ বিষয়টোক 'খিচিৰি' বনাই দিলে

গুৱাহাটী, ২১ ডিচেম্বৰ :অসম চুক্তি ৰূপায়ণৰ নামত বিজেপি চৰকাৰে অসমৰ ৰাইজক প্ৰতাৰণা কৰি আহিছে (Implementation of Assam Accord) । এই অভিযোগ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ । অসম বিধানসভা চৌহদত বুধবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিজেপি চৰকাৰে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা কৈ ভিত্তিবৰ্ষ, খিলঞ্জীয়াৰ সংজ্ঞা আৰু 'কা'ৰ যোগেদি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে (Allegation against BJP to betray in Assam Accord) ।

নিৰ্বাচনৰ পূৰ্বে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা কৈছিল । এতিয়া ভিত্তিবৰ্ষৰ প্ৰসংগ আনিছে । গোটেই বিষয়টোক লৈ চৰকাৰখনে খেলিমেলিৰ সৃষ্টি কৰিছে । অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চন থকাৰ পিছতো ১৯৫১ চনৰ প্ৰসংগত গঠন কৰা বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ইতিমধ্যে প্ৰতিবেদন দিছে (Kamalakhya Dey Purakayastha on Assam Accord) ।

তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা কোৱা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত ১৯৫১ চনৰ প্ৰসংগ অনাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ কথা ক'লে । চৰকাৰখনে এটাৰ লগত আনটোৰ সামঞ্জস্য ৰাখিব পৰা নাই । চৰকাৰখনৰ নিজৰ ধাৰণা স্পষ্ট নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে সদনত সোধা প্ৰশ্নৰ কোনো সদুত্তৰ পোৱা নগ'ল ।

খিলঞ্জীয়াৰ কথা কৈছে যদিও অসমত বসবাস কৰা বাঙালীসকল খিলঞ্জীয়া হয়নে নহয় তাৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে । চৰকাৰখনে গোটেই বিষয়টোক 'খিচিৰি' বনাই দিলে বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে বিধানসভাত বিভিন্ন বিভাগৰ পৰা অহা উত্তৰসমূহ নিৰাশাজনক ।

উল্লেখ্য, অসম বিধানসভাৰ চলিত শীতকালীন অধিবেশনৰ আজি দ্বিতীয়টো দিন । আজি দ্বিতীয়দিনাও সদনৰ পৰা বহিষ্কৃত হয় বিধায়ক অখিল গগৈ (Assam Assembly winter session 2022) । আজি বিধায়ক অখিল গগৈয়ে মেঘালয়ৰ সৈতে বিবদমান অঞ্চলক লৈ মন্তব্য দাঙি ধৰাৰ সময়তে সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

সদনৰ মজিয়াত অখিল গগৈ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত সৃষ্টি হয় বাদানুবাদৰ (Akhil Gogoi and Atul Bora clash on floor) । ইয়াৰ মাজতে অখিল গগৈয়ে অতুল বৰাক ‘ঐ দম নিদিব’ বুলি কয় । ইয়াৰ পিছতে অখিলৰ এনে মন্তব্যক লৈ অসন্তুষ্ট হৈ পৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Akhil Gogoi suspended from Assembly) ।

অখিল গগৈক ক্ষমা খোজাৰ বাবে বাৰে বাৰে দাবী জনায় অধ্যক্ষই । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সদনত এনে ব্যৱহাৰ কৰা উচিত নহয় । তাৰ পিছতে অধ্যক্ষই দ্বিতীয় দিনৰ বাবেও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰে (Assam Assembly speaker Bishwajit Doimary) । ইফালে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (opposition leader Devabrat Saikia) ।

আনহাতে, সদনৰ পৰা ওলাই গৈ অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত বহিষ্কাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে অসমৰ মাটি ৰক্ষা কৰিবলৈ গৈ আজি পুনৰ সদনৰ পৰা তেওঁ বহিষ্কাৰ হ'বলগীয়া হ'ল । অখিল গগৈয়ে লগতে কয় যে অসমৰ চৰকাৰে অসমৰ ভূমি মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । পূৰ্বতে এইখন চৰকাৰেই বিধানসভাত অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ তথ্য দিছিল । সেই অনুসৰি ৬৯,০১০.৮২৪২ হেক্টৰ ভূমি চুবুৰীয়া চাৰিখন ৰাজ্যই দখল কৰা বুলি সদনত তথ্য দিয়া হৈছিল (Assam border conflict with neighboring states) ।

লগতে পঢ়ক :MLA Akhil Gogoi: শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ কেলেংকাৰীৰ তথ্য-প্ৰমাণ আছে বিধায়ক অখিল গগৈৰ হাতত

ABOUT THE AUTHOR

...view details