অসম

assam

Manipur landslide: মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

By

Published : Jul 2, 2022, 3:42 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মণিপুৰৰ ভূমিস্খলনস্থলীত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰীগৰাকীয়ে স্থানীয় বিষয়াসকলৰ সৈতে তাত চলি থকা উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰি পৰিস্থিতিৰ বুজ লয় । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ভূমিস্খলনৰ(Manipur landslide) এই ঘটনাক মণিপুৰৰ ইতিহাসৰ আটাইতকৈ বেয়া ঘটনা বুলি অভিহিত কৰিছে । ভূমিস্খলনত ৮১ গৰাকী লোকৰ মৃত্যু । মৃত্যু হৈছে ১৮ গৰাকী সেনাৰ ।

Manipur landslide
মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

গুৱাহাটী, ২ জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মণিপুৰত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা । মণিপুৰৰ ন’নে জিলাত সংঘটিত হোৱা ভূমিস্খনলত(Manipur landslide) আৱদ্ধ হৈ আছে অসমৰ ২৩ জনকৈ শ্ৰমিক । ২৩ জন আৱদ্ধ শ্ৰমিকৰ ভিতৰত ১৭ জন এতিয়াও সন্ধানহীন হৈ আছে । বৰ্তমনালৈকে উদ্ধাৰ কৰাসকলৰ ভিতৰত এজনৰ মৃত্যু হৈছে । আন এজন শ্ৰমিকৰ মৃতদেহো উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে বজালীৰ এগৰাকী টেৰিটৰিয়েল আৰ্মিৰ জোৱানো এই ঘটনাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

মণিপুৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে শনিবাৰে মণিপুৰৰ ভূমিস্খলনস্থলীত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই স্থানীয় বিষয়াসকলৰ সৈতে তাত চলি থকা উদ্ধাৰ অভিযানৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় (Pijush Hazarika in Manipur)। বুধবাৰ-বৃহস্পতিবাৰৰ নিশা উত্তৰ-পূবৰ এই পাহাৰীয়া ৰাজ্যখনত হোৱা দুৰ্ভাগ্যজনক এই ভূমিস্খলনৰ ঘটনাত এতিয়ালৈকে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে । নিৰন্তৰ উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি থকা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে( Manipur CM N Biren Singh) এই ভূমিস্খলনক মণিপুৰৰ ইতিহাসৰ আটাইতকৈ বেয়া ঘটনা বুলি অভিহিত কৰে ।

এন বীৰেন সিঙে কয় যে এই ঘটনা ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ দুখজনক ঘটনা । ভূমিস্খলনৰ এই ঘটনাত ৮১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সকলৰ ভিতৰত ১৮ গৰাকী সেনা বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে এতিয়াও প্ৰায় ৫৫ গৰাকী লোক আৱদ্ধ হৈ আছে । পাহাৰৰ পৰা খহি অহা মাটিৰ পৰা সকলো মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰু ২-৩ দিন সময় লাগিব বুলি তেওঁ জানিবলৈ দিয়ে ।

উল্লেখ্য যে বুধবাৰ আৰু বৃহস্পতিবাৰে মাজনিশা জিৰিবামৰ পৰা ইম্ফললৈ নিৰ্মাণাধীন ৰে’লপথৰ সুৰক্ষাৰ বাবে টুপুল ৰে’ল ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টা টেৰিটৰিয়েল আৰ্মীৰ কোম্পানীৰ অৱস্থানৰ ওচৰত ভূমিস্খলনৰ এই ঘটনা সংঘটিত হয় । ইফালে মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে ৰাজ্যখনে কেন্দ্ৰৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে । কেন্দ্ৰই উদ্ধাৰ অভিযান চলাবলৈ এন ডি আৰ এফ আৰু সেনা জোৱানকো প্ৰেৰণ কৰিছে ।

কিন্তু বৰ্তমানেও মাজে সময়ে বৰষুণ দি থকাৰ বাবে পানী মিহলি মাটিত বাহনৰ চলাচলত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে মাটিৰ ভিতৰত আৱদ্ধ হৈ থকা মৃতদেহ উদ্ধাৰ কৰাত কিছু পলম হৈ আছে । ইফালে ঘটনা সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰীৰে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কেন্দ্ৰৰ পৰা সকলো সম্ভৱ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক:Arunachal Landslide: ভূমিস্খলনত নিখোজ হোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details